এইবাৰ নতুন ৰূপত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী।” The Radio Guy”ৰ অভূতপূৰ্ব সফলতাৰ পিছতে ১৬ ছেপ্তেম্বৰত মুক্তি পালে ছবিখনৰ শীৰ্ষক গীত “কৈ দিয়া না”।
গীতটিত কণ্ঠদান কৰিছে জয় বৰুৱাই,গীতটি লিখিছে শশাংক সমীৰ, পৰিচালনা আৰু সম্পাদনা কৰিছে হৰজীত দিয়াজে। পোন প্ৰথমবাৰৰ বাবে কণ্ঠদান নকৰি গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।
এই বিশেষ গীতটি KC Digital Film ইউটিউব চেনেলটিত উপলব্ধ হৈছে। ছবিখনৰ মুক্তিৰ পিছতে শেহতীয়াকৈ মুক্তি লাভ কৰিছে “কৈ দিয়া না” শীৰ্ষক গীতটোৱে ইউটিউবত ২১ হাজাৰতকৈ অধিক ভিউৱাৰ্ছ লাভ কৰিছে।