‘Batman’,’Superman’,’Flash’ আৰু ‘Wonder Woman’ৰ অনুৰাগীসকলৰ বাবে সু-খবৰ ৷
১৮ মাৰ্চত আপোনাৰ কাষলৈ আহি আছে DCৰ নতুন চিনেমা ‘Justice League Snyder Cut’৷
জেক স্নাইডাৰৰ নতুন ছবি ‘Justice League Snyder Cut’ মুকলি হ’ব ১৮ মাৰ্চত ৷
বিশ্বজুৰি ‘ভিডিঅ’-অন-ডিমাণ্ড’ প্লেটফৰ্মত মুকলি কৰা হ’ব DCৰ এই নতুন ছবিখন ৷
ভাৰততো ‘ভিডিঅ’-অন-ডিমাণ্ড’ প্লেটফৰ্মত উপলব্ধ হ’ব ছবিখন ৷
মূল্য নিৰ্ধাৰণ, ভাড়া আৰু বাই অপচন এতিয়াও ঘোষণা কৰা নাই ৷
এপল টিভি, বুক মাই শ্ব’ ষ্ট্ৰীম, গুগল প্লে, হাংগামা প্লে, টাটা স্কাই আৰু ইউটিউবত ১৮ মাৰ্চত উপভোগ কৰিব পাৰিব ছবিখন ৷
ভাৰতত ছবিখন কিনা আৰু ভাড়াত লোৱা দুয়োটা সুবিধাতেই উপলব্ধ কৰাৰ নিশ্চিত কৰিছে গেজেট ৩৬০য়ে ৷
অৰ্থাৎ এক নিৰ্ধাৰিত মূল্যতহে উপলব্ধ হ’ব ছবিখন ৷
কাৰণ নেটফ্লিক্স, ডিজনী আৰু হটষ্টাৰৰ বিপৰীতে ভিডিঅ’-অন ডিমাণ্ড প্লেটফৰ্মত মুকলি কৰা হ’ব ৷
ডিচিৰ ভাৰতীয় অনুৰাগীসকলেও বিশ্বৰ অনান্য প্ৰান্তৰ লগতে ১৮ মাৰ্চত ‘জাষ্টিচ লীগ স্নাইডাৰ কাট’ উপভোগ কৰিব পাৰিব ৷
https://youtu.be/0QmSF7WUyN0