‘৯০ৰ দশকৰ দূৰদৰ্শনৰ এটা ক্লাছিক বিজ্ঞাপন এইবাৰ পুনৰ নিৰ্মাণ কৰিছে বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰে। ‘য়েহ নহী, ৱো… লেকিন আপতো হমেছা য়েহী লেতী থী.’. মনত পৰিছেনে? এই বিজ্ঞাপন উপভোগ কৰি অনুৰাগীসকল নষ্টালজিক হৈ পৰিছে। সেইটোকে ইনষ্টাগ্ৰামত প্ৰকাশ কৰি সকলোকে আকৌ এবাৰ প্ৰায় ৩০ বছৰ আগৰ পুৰণি দিনলৈ ওভোতাই নিছে কৰিশ্মাই।
ধকধকীয়া বগা শাড়ী পিন্ধি গাড়ীৰ পৰা নামি দোকানলৈ গৈ দিপীকা চিখলিয়াই নিৰ্মা ছুপাৰ ডিটাৰজিণ্ট বিচৰা জনপ্ৰিয় বিজ্ঞাপনটো সময়ৰ লগে লগে মানুহে পাহৰিছিল। সেইটোকে পুনৰ নিৰ্মাণ কৰা হৈছে এইবাৰ ক্ৰেডিটকাৰ্ড মেনেজমেণ্ট প্লেটফ’ৰ্ম ক্ৰেডৰ বিজ্ঞাপনৰ বাবে। নিৰ্মাৰ মূল বিজ্ঞাপনটোৰ সেই গোটেই পৰিৱেশ, বাক্য, ধাৰা একেই ৰখা হৈছে নতুন বিজ্ঞাপনটোত। সেইটো দেখি কোনেও স্মৃতিকাতৰ নোহোৱাকৈ নোৱাৰে।