কথক সম্ৰাট পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। পদ্মবিভূষণ সন্মানেৰে সন্মানিত ৮৩বছৰীয়া বিৰজু মহাৰাজে সোমবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ প্ৰতিটো ভংগীমাই বহু কথা কৈছিল, তেওঁৰ নৃত্যুৰ আছিল কোটি কোটি অনুৰাগী। তেওঁৰ কথন নৃত্যৰ লগতে শাস্ত্ৰীয় সংগীততো আছিল বিশেষ দখল। উল্লেখ কৰা প্ৰয়োজন যে, কেইবাখনো ছবিত নৃত্য পৰিচালনাও কৰিছিল বিৰজু মহাৰাজে। বিৰজু মহাৰাজৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমী আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় বচ্চন, কথক কলা শিকোৱা পণ্ডিত বিৰজু মহাৰাজৰ জন্ম হৈছিল ১৯৩৮চনত। বহুতো চেলিব্ৰেটিয়ে সামাজিক মাধ্যমৰ জৰিয়তে কথক সম্ৰাটগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।
গায়ক আদনান চামীয়ে পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যুৰ বাতৰিক লৈ সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছে। পণ্ডিত বিৰজু মহাৰাজৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে: “মহান কথক নৃত্যশিল্পী-পণ্ডিত বিৰজু মহাৰাজজীৰ মৃত্যুৰ খবৰত গভীৰ ভাৱে দুখিত। আমি প্ৰদৰ্শন কলাৰ ক্ষেত্ৰত এটা অনন্য প্ৰতিষ্ঠান হেৰুৱাইছো। তেওঁ নিজৰ প্ৰতিভাৰে বহু প্ৰজন্মক প্ৰভাৱিত কৰিছে। তেওঁৰ আত্মাই শান্তি পাওক।”
সুভাষ ঘায়ে পণ্ডিত বিৰজু মহাৰাজক শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ লিখিছে: ‘কথক নৃত্য শিল্পীৰ পৰা মোৰ প্ৰথম শিক্ষা মোৰ মহাবিদ্যালয়ৰ যুৱ উৎসৱত আছিল যেতিয়া তেওঁ ভগৱান কৃষ্ণ আৰু ৰাধাৰ মাজত তেওঁৰ দুটা চকুৰ সৈতে কথা পাতি থকা সময়ত ৰোমান্টিক কথোপকথন প্ৰকাশ কৰিছিল। মই শিকিছিলো ‘নৃত্য মানে শৰীৰ কিন্তু আত্মা চকুত আছে। বিৰজু ছাৰৰ আত্মা শান্তিত থাকক।