ফটোৱে সলনি কৰিলে এজন শ্ৰমিকৰ ভাগ্য। দিন হাজিৰা কৰা ব্যক্তিৰ পৰা হ’লগৈ মডেল। এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ এখন ফটোৱে বৰ্তমান তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া। মুহুৰ্ততে সলনি হৈ হ’ল এগৰাকী দিন হাজিৰা কৰাৰ ব্যক্তিৰ ভাগ্য। কেৰালাৰ দিন হাজিৰা কৰা ৬০ বছৰীয়া ব্যক্তি এগৰাকীৰ গ্লেমাৰাছ চেহেৰাই এতিয়া প্ৰশংসা বুটলিছে ছ’চিয়েল মিডিয়াত।
এই দিন হাজিৰা কৰা ব্যক্তি গৰাকী কাজিকোৰ মাম্মিকা বুলি জানিব পৰা গৈছে। এজন ফটোগ্ৰাফাৰে তেওঁক সুন্দৰ পোচাক পৰিধান কৰাই অন্য ৰূপ দিয়াৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মাম্মিকা। জানিব পৰা মতে, ফটোগ্ৰাফাৰ শ্বাৰিক ভিয়েলাই মাম্মিকাত মডেলিঙৰ দক্ষতা দেখি তেওঁ অন্য ৰূপত সজাই পৰাই তুলিছিল। ফটো শ্বুট কৰাৰ পিছত যেতিয়া মাম্মিকাৰ ফটো ভাইৰেল হয় তেতিয়া সকলোৱে তেওঁক প্ৰশংসা কৰিছে আৰু ফটোগ্ৰাফাৰ শ্বাৰিক ভিয়েলাৰ মহানুভৱতাকো শলাগিছে।