‘মোৰ তেজ,ঘাম আৰু চকুৰ পানীক একাকাৰ কৰি সপোনক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছো’- এই মন্তব্য ভি এল চি চি ফেমিনা মিছ ইণ্ডিয়া ২০২০ত খিতাপ বিজয়ী মান্যা সিঙৰ ।
মিছ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত এই আৱেগিক মন্তব্য মান্যা সিঙৰ ।
ভি এল চি চি ফেমিনা মিছ ইণ্ডিয়া ২০২০ত ‘ৰাণাৰ-আপ’ৰ খিতাপ অৰ্জন কৰিছে উত্তৰ প্ৰদেশৰ মান্যা সিঙে ।
মান্যা সিঙৰ পিতৃ এগৰাকী ৰিক্সাচালক ।
ৰিক্সাচালকৰ কন্যা হিচাপে এই খিতাপ অৰ্জন কৰা সহজ নাছিল মান্যাৰ বাবে ।
কঠোৰ পৰিশ্ৰম আৰু বহু উজাগৰী নিশা সংগী আছিল মান্যা সিঙৰ ।
এটা পোষ্টত মান্যাই উল্লেখ কৰিছে যে এই পৰ্যায়ত উপনীত হ’বলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে ।
দিনৰ ভাগত পঢ়া-শুনা কৰি,সন্ধিয়া বাচন ধোৱাৰ কাম কৰে আৰু ৰাতি এটা কল চেণ্টাৰত কাম কৰে মান্যাই ।
মিছ ইণ্ডিয়াৰ এই মঞ্চৰ পৰা মান্যাই বিশ্ববাসীৰ ওচৰত প্ৰমাণ কৰিলে যে নিজৰ লগতে নিজৰ সপোনৰ প্ৰতি দায়বদ্ধ হ’লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি ।
মান্যাৰ এই সংগ্ৰামৰ কাহিনী শ্বেয়াৰ কৰাৰ কাৰি উৎসাহিত কৰাৰ বাবে মিছ ইণ্ডিয়া সংগঠনেও ধন্যবাদ জনাইছে মান্যাক ।
উল্লেখ্য, ভি এল চি চি ফেমিনা মিছ ইণ্ডিয়া ২০২০ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে তেলেংগনাৰ মনসা বাৰানসীয়ে ।
photo: google