ৰূপালী পৰ্দাৰ এগৰাকী অতি বলিষ্ঠ আৰু জনপ্ৰিয় অভিনেত্ৰী মৌনী ৰয় ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা কেইখনমান ফটো আৰু ভিডিঅ’ই তোলপাৰ লগাইছে অনুৰাগীৰ মাজত ৷ পৰম্পৰাগত সাজত তাজমহলৰ সন্মুখত দেখা পোৱা গৈছে অভিনেত্ৰীগৰাকীক ৷
অভিনেত্ৰীগৰাকীৰ সুকীয়া ষ্টাইল আৰু অভিনয় প্ৰতিভাই আকৰ্ষিত কৰে অনুৰাগীক ৷ মৌনীৰ প্ৰতিটো ভংগীমাই আলোড়িত কৰে অনুৰাগীৰ হৃদয় ৷ পৰম্পৰাগত সাজত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহে অধিক আকৰ্ষিত কৰিছে অনুৰাগীক ৷
মৌনীয়ে এই ফটোসমূহ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে, যি দ্ৰুত গতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ শেহতীয়া ষ্টাইলৰ বাবে চৰ্চাত আছে মৌনী ৰয় ৷ ফটোসমূহত লাইক আৰু কমেণ্টৰ জৰিয়তে অনুৰাগীয়ে মৰম দিছে প্ৰিয় অভিনেত্ৰীগৰাকীক ৷
আধুনিক সাজপাৰেই হওঁক অথবা পৰম্পৰাগত, সকলোতেই সুন্দৰ লাগে অভিনেত্ৰীগৰাকীক ৷ ফটোসমূহত আপুনি দেখিব পাৰিছে সাজপাৰৰ লগত মিলাকৈ গহনা পৰিধান কৰিছে মৌনীয়ে ৷
ফটোসমূহৰ লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মৌনীৰ এটা ভিডিঅ’ ৷ ফটোশ্বুট কৰাৰ সময়ৰ এই ভিডিঅ’টো ইতিমধ্যেই জনপ্ৰিয় হৈ পৰিছে অনুৰাগীৰ মাজত ৷
‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ জৰিয়তে খুব সোনকালেই পুনৰ দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক ৷ য’ত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও অভিনয় কৰিছে ৷ ইয়াৰ পূৰ্বে ৰিলিজ হৈছিল ৱেব চিৰিজ ‘লণ্ডন কনফিডে’ণ্টেল’ ৷
অভিনেত্ৰীগৰাকীৰ বলীউড কেৰিয়াৰৰ কথা ক’বলৈ গ’লে অক্ষয় কুমাৰৰ অভিনীত ছবি ‘গ’ল্ড’ ৰ জৰিয়তে ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল মৌনী ৰয়ে ৷ ফিল্ম ‘মেড ইন চাইনা’ তো গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷