বিতৰ্কৰ মাজত ৱেব ছিৰিজ ‘বম্বে বেগমচ’ ৷
শিশুৰ ‘অনুচিত উপস্থাপন’ৰ বাবে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগ ৱেব ছিৰিজ ‘বম্বে বেগমচ’ৰ ষ্ট্ৰীমিং বন্ধ ৰখাৰ নিৰ্দেশ দিছে নেটফ্লিক্স কৰ্তৃপক্ষক ৷
অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৮ মাৰ্চত মুক্তি দিছিল ‘বম্বে বেগমচ’ ৷
এনচিপিচিআৰে ২৪ ঘণ্টাৰ ভিতৰত ষ্ট্ৰীমিং বন্ধ ৰখাৰ নিৰ্দেশ দিছে নেটফ্লিক্স কৰ্তৃপক্ষক ৷
অন্যথা উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে ৷
‘বম্বে বেগমচ’ত শিশুৰ ‘অনুচিত উপস্থাপন’ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আয়োগে উল্লেখ কৰিছে যে এনে ধৰণৰ ভুল উপস্থাপনে শিশুৰ মনত বেয়া প্ৰভাৱ পেলোৱাৰ লগতে শিশুৰ ওপৰত নিৰ্যাতন আৰু শোষণৰ কাৰণ হ’ব পাৰে ৷
photo: google