• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’

ডিটেক্টিভ ৰুদ্ৰ দুৱৰাৰ ৰূপত তপন দাসে কৰিব এটা হত্যাকাণ্ডৰ তদন্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2022
in মনোৰঞ্জন, অসম, গুৱাহাটী
1 min read
0
ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’
Share on FacebookShare on Twitter

অসমৰ জনপ্ৰিয় OTT Platform ৰীলড্ৰামাত মুক্তি পালে প্ৰথম অসমীয়া ডিটেক্টিভ-থ্ৰিলাৰ ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’। ‘বৰনদী ভটিয়ায়’ চিনেমাখনেৰে সুখ্যাতি অৰ্জন কৰা পৰিচালক অনুপম কৌশিক বৰাৰ লগতে জনপ্ৰিয় অভিনেতা তপন দাস আৰু প্ৰাঞ্জল শইকীয়াৰ এইখন হৈছে প্ৰথমখন ৱেব ছিৰিজ।উল্লেখ্য যে অভিনেতা তপন দাসে এক সুদীৰ্ঘ বিৰতিৰ মূৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তদুপৰি বিভূতি ভূষণ হাজৰিকা, নিতালী দাস, দীক্ষা খাউণ্ড, মনোজ বৰকটকী, হিমাংশু গগৈ, সৃষ্টি শৰ্মা, বিপ্লব বৰকাকতি, মিণ্টু বৰুৱা, পৰীক্ষিত তামুলীৰ লগতে পৰিচালক অনুপম কৌশিক বৰাই এই ৱেচছিৰিজত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৱেব ছিৰিজখনৰ কাহিনী তথা চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ, সম্পাদনা সীমান্ত দাসৰ, সংগীত সিদ্ধান্ত সাগৰৰ, দৃশ্যগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ, শব্দসজ্জা বলেন পাঠকৰ, ৰূপ সজ্জা নিৰ্মালী কাশ্যপৰ, সাজ সজ্জা স্তুতি জ্যোৎস্নাৰ।

‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’ ৱেব ছিৰিজটোৰ কাহিনীমতে যশস্বী আৰু বৰ্ষীয়ান ব্যৱসায়ী পদ্মলোচন বৰুৱাৰ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হয়। কিন্তু বিখ্যাত প্ৰাইভেট ইনভেষ্টিগেটৰ ৰুদ্ৰ দুৱৰাৰ মতে বৰুৱাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই সন্দেহযুক্ত হত্যাকাৰী; কিয়নো এয়া এক হত্যাকাণ্ড। ৰুদ্ৰ দুৱৰাৰ তীক্ষ্ণ তদন্তৰ লগতেই ৱেবছিৰিজটোৰ কাহিনী আগবাঢ়ে।

উল্লেখ্য যে ইতিমধ্যে অসমীয়া কেইবাখনো ৱেবছিৰিজ, চিনেমাৰ যোগেদি অসমত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰা OTT প্লেটফৰ্ম ‘ৰীলড্ৰামা’-ৰ প্ৰযোজকদ্বয়, কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই সংবাদ মাধ্যমক জনায় যে, ৰীলড্ৰামাই অসমৰ চলচ্চিত্ৰৰ উদ্যোগটোক এক নতুন গতি দিয়াৰ প্ৰয়াস চলাই আছে; ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’ এই প্ৰচেষ্টাৰেই এক অংশ।

তদুপৰি, প্ৰথমখন ৱেবছিৰিজ নিৰ্মাণ কৰি উলিওৱা পৰিচালক অনুপম কৌশিক বৰাই জানিবলৈ দিয়ে যে পোন প্ৰথমবাৰৰ বাবে অসমত এটা ‘ডিটেক্টিভ’ চৰিত্ৰক মূল আধাৰ হিচাপে লৈ এনেধৰণৰ কাম হৈছে। লগতে তেখেতে জানিবলৈ দিয়ে যে ছিৰিজখন মুক্তি হোৱাৰে পৰা বিভিন্ন মাধ্যমত ৱেবছিৰিজখনৰ বিষয়ে চৰ্চা চলি আছে আৰু দৰ্শকে উপভোগ কৰি সন্তুষ্টি ব্যক্ত কৰিছে। ‘ৰুদ্ৰনীল: উত্তৰপুৰুষ’ ৰীলড্ৰামাৰ মোবাইল এপ্লিকেশ্যনত উপলব্ধ।

Previous Post

ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন

Next Post

দিছপুৰত দেৱজিৎ গগৈ স্মৃতিত শৰীৰ চৰ্চা প্ৰতিযোগিতা

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
দিছপুৰত দেৱজিৎ গগৈ স্মৃতিত শৰীৰ চৰ্চা প্ৰতিযোগিতা

দিছপুৰত দেৱজিৎ গগৈ স্মৃতিত শৰীৰ চৰ্চা প্ৰতিযোগিতা

সাপ্তাহিক কাকত ‘ৰঙিলী বাৰ্ত্তা’ ৰ সৌজন্যত কবিতা পুথি “দেহে প্ৰাণে কবিতা মোৰ” উন্মোচন

সাপ্তাহিক কাকত 'ৰঙিলী বাৰ্ত্তা' ৰ সৌজন্যত কবিতা পুথি "দেহে প্ৰাণে কবিতা মোৰ" উন্মোচন

আজি নতুন দিল্লীত কেবিনেট বৈঠক

দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8