চুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাৰ ভাৰাতীয়া চুপাৰষ্টাৰ জেকলিন ফাৰ্ণাণ্ডেজ ৷
২ কোটি ৪৪ লাখ ৮ হাজাৰ টকাত ভাড়াত লৈছে প্ৰিয়ংকা চোপ্ৰাৰ এপাৰ্টমেণ্ট ৷
বলীউড তাৰকাৰ জীৱনশৈলী আৰু জীৱন যাপনৰ মানদণ্ডই অনুৰাগীসকলক আকৰ্ষিত কৰাৰ উপৰিও উৎসাহিত কৰে অনুৰাগীক ৷
কিন্তু এনেকুৱা খবৰ কমহে দেখিবলৈ পোৱা যায় যে এগৰাকী তাৰকা আন এগৰাকী তাৰকাৰ ভাৰাতীয়া হিচাপে আছে ৷
অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে লৈছে এনে এক সিদ্ধান্ত যি অনুৰাগীসকলৰ মাজতো চৰ্চিত হৈছে ৷
তিনিবছৰৰ কাৰণে প্ৰিয়ংকা চোপ্ৰাৰ এটা এপাৰ্টমেণ্ট ভাড়াত লৈছে জেকলিনে ৷
জেকলিনে ভাড়া দিব লগা হৈছে ২ কোটি ৪৪ লাখ ৮ হাজাৰ টকা ৷
অৱশ্যে কেইমাহমানৰ পূৰ্বেহে প্ৰিয়ংকা চোপ্ৰাৰ এই এপাৰ্টমেণ্টটোলৈ শিফট কৰিছে জেকলিনে ৷
তিনিবছৰৰ পিছত তেওঁ ক’ত থাকিব এতিয়ালৈকে জনোৱা নাই অনুৰাগীসকলক ৷
জেকলিনে প্ৰিয়ংকাক এমাহত দিব লগা হৈছে ৬.৭৮ লাখ টকা ৷
এপাৰ্টমেণ্টটোৰ অৱস্থিতি আৰু উন্নত সা-সুবিধাৰ বাবদ তেওঁ পৰিশোধ কৰিব লগা হৈছে এই ধন ৷
জেকলিন বৰ্তমান ব্যস্ত আছে দুখনকৈ ফিল্মৰ শ্বুটিঙত ৷
এফালে ছেইফ আলি খানৰ ‘ভূত পুলিচ’ আৰু আনফালে ৰোহিত ছেট্টীৰ ছবি চ ‘ছাৰ্কাচ’ ৰ শ্বুটিঙত ব্যস্ত আছে অভিনেত্ৰীগৰাকী ৷
‘ছাৰ্কাচ’, ‘ ভূত পুলিচ’ৰ উপৰিও জেকলিনক দেখা পোৱা যাব অক্ষয় কুমাৰৰ অভিনীত ছবি ‘বচ্চন পাণ্ডে’ত ৷
photo: google