• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in মনোৰঞ্জন, অসম, সংবাদ
1 min read
0
‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা
Share on FacebookShare on Twitter

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ক একে নামেৰে নতুন ৰূপত ভ্ৰাম্যমাণ নাট্যদল আবাহন থিয়েটাৰে মঞ্চস্থ কৰি একপ্ৰকাৰে ৰূপকোঁৱৰৰ অমৰ সৃষ্টিত কালিমা সনা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’এ। সংগঠনটোৰ সভাপতি বিতোপন বৰবৰা আৰু সম্পাদক শিৱাণু বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা – এই ত্ৰিমূৰ্তিৰ সৃষ্টিৰাজিক লৈ ধেমালি কৰাটো আৱাহনৰ নিকৃষ্টতম ধৃষ্টতা। কাৰণ তেওঁলোকৰ মূল সৃষ্টিত হাত দিয়া মানে তেওঁলোকক কেৱল অপমান কৰাই নহয়, তেওঁলোকৰ মূল্যৱান সৃষ্টিৰাজিক অৱমাননা কৰাৰ লগতে অসমীয়া জাতি আৰু সংস্কৃতিকো অপমান কৰা হয় ।
যদিও শেহতীয়াকৈ ৰূপকোঁৱৰৰ জীয়ৰী, ভতিজা আদি প্ৰমুখ্যে আন নিকটাত্মীয়, জ্যোতি ভাৰতী, অসম নাট্য সন্মিলন, জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা সমিতি আদিৰ লগতে বিভিন্ন সংগঠন আৰু অসমৰ বিদ্বৎ সমাজে আবাহন থিয়েটাৰৰ এই দুস্কার্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পাছত কালি নলবাৰীত আয়োজিত এখন সাংবাদিক মেলত আৱাহনৰ প্ৰযোজিকা-অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে নাটকখনৰ নতুন নামকৰণ কৰিয়েই এনে ধৃষ্টতামূলক কার্যত গংগাজল ছটিৱাই দোষমুক্ত হোৱাৰ প্ৰয়াস কৰিছে যদিও তেওঁৰ সেই কাম অধিক নিকৃ্ষ্ট আৰু গৰিহনাযোগ্য বুলিহে সন্থাই বিবেচনা কৰে ৷

আনহাতে আৱাহন থিয়েটাৰে পৰিৱেশন কৰি থকা ‘লভিতা’ নাটকখনত মূল নাটকৰ কাহিনী, চৰিত্ৰসমূহ থকাৰ লগতে নাটকখনত থকা গীতৰ উপৰি ১৯৩৭ চনতেই জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ গীতো সন্নিবিষ্ট কৰি গঢ়া ‘ৰিমিক্সড’ নাটকখনক শেহতীয়াকৈ কালি অভিজিৎ ভট্টাচার্যই এইখন লভিতা তেওঁ নিজে লিখা বুলি কৰা দাবীয়ে ধৃষ্টতাৰ সকলো সীমা চেৰাই গৈছে বুলিও সন্থাই অভিহিত কৰে৷ আৱাহন থিয়েটাৰে এতিয়া যিমানেই গংগাজলত জুবুৰিয়াই ‘ৰিমিক্সড’ নাটকখনক কালিমামুক্ত কৰিবলৈ চেষ্টা নকৰক লাগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল নাটকখনক লৈ কৰা বিকৃতিৰ অভিযোগৰ পৰা ইমান সহজে নিস্তাৰ নাপায় আৰু এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে নাটকখন আগলৈ মঞ্চস্থ কৰাৰ পৰা বিৰত থকাই একমাত্ৰ বিকল্প হ’ব বুলিও সন্থাই মত প্ৰকাশ কৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিকটাত্মীয়সকলৰ আবেগ-অনুভূতিৰ লগতে অসমৰ বিভিন্ন জাতীয় সংগঠন আৰু বিদ্বৎ সমাজৰ দাবীৰ প্ৰতি সন্মান জনাই নাটকখন নতুন নাম দিয়েই চলাই নিয়াৰ প্ৰতাৰণামূলক চাতুৰীৰ পথ লোৱাতকৈ নাটকখনৰ প্ৰদর্শন বন্ধ কৰিলেহে আৱাহন থিয়েটাৰক ৰাইজে ক্ষমা কৰিব বুলিও বিবৃতিটোত কোৱা হয়৷

Previous Post

ইউনিক’ডত পুনৰ অৱহেলিত হ’বলগীয়া হ’ল অসমীয়া ভাষা!

Next Post

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ!

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ!

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰা ধৃতিৰাজৰ যাত্ৰা পুনেলৈ

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰা ধৃতিৰাজৰ যাত্ৰা পুনেলৈ

বিৰাট কোহলীৰ ভাইৰেল হৈছে এখন বিশেষ ফটো

বিৰাট কোহলীৰ ভাইৰেল হৈছে এখন বিশেষ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8