বিতৰ্কিত মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে পুনমৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে তেওঁৰ মৃত্যু হোৱাৰ খবৰ শুক্ৰবাৰে ৰাজহুৱা কৰা হৈছিল। ইয়াৰ পিছত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনমৰ মেনেজাৰগৰাকীয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰি মন্তব্য দিছিল।
কিন্তু শনিবাৰে পুনৰ পুনমৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা পোষ্ট দিয়া হৈছে। য’ত তেওঁ জীয়াই থকা বুলি উল্লেখ কৰা হৈছে।
শুকুৰবাৰে তেওঁৰ ইনষ্টাগ্ৰামত লিখিছিল ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ পুনম পাণ্ডেৰ মৃত্যু হৈছে। সেই একেটা ইনষ্টাগ্ৰাম একাউণ্টত আজি পুনৰ লিখিছে, জীৱিত অৱস্থাত আছে পুনম। ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই।
তেওঁ উল্লেখ কৰিছে যে, ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবেহে তেওঁ এই পদক্ষেপ লৈছিল। হাজাৰ হাজাৰ মহিলাই এই ৰোগৰ বিষয়ে নজনাৰ বাবেই প্ৰতি বছৰে মৃত্যু হৈ আহিছে। ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ সজাগতা সৃষ্টিৰ যি উদ্দেশ্য সেয়া অৱশ্যে প্ৰশংসনীয়। কিন্তু তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰি সেই খবৰক আনুষ্ঠানিকভাৱে নিশ্চয়তা প্ৰদান কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই নেটিজেনসকলে। বহুতেই এতিয়া আকৌ পুনম পাণ্ডেক সমালোচনাৰ লক্ষ্য কৰিও লৈছে।