বিশিষ্ট অভিনেতা তথা চিত্ৰ সমালোচক, প্ৰবীন ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা গুৰুতৰভাৱে অসুস্থ। উজানবজাৰৰ বাসগৃহত শয্যাশায়ী হৈ থকা হাজৰিকা কিছু দিনৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল। অসমীয়া সাহিত্য, সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা হাজৰিকা এগৰাকী অধিবক্তাও। অসমীয়া সমাজ, সাহিত্য, ৰাজনীতি, বোলছবিৰ লগতে ভাৰতীয় ৰাজনীতি, সাংস্কৃতিক জগতত অগাধ দখল থকা ৮০ উৰ্ধ্বৰ দিলীপ হাজৰিকাই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।
উল্লখযোগ্য যে, শৰৎ সিংহৰ দিনত দিলীপ হাজৰিকা ৰাজনীতিৰ সৈতে প্ৰতক্ষভাৱে জড়িত আছিল। বলিউডৰ বহু প্ৰতিষ্ঠিত অভিনেতা, অভিনেত্ৰীৰ সৈতে তেওঁৰ আছিল সুসম্পৰ্ক। বৰ্তমান উজান বজাৰৰ বাসগৃহতেই তেওঁৰ চিকিৎসা চলি আছে।