বিশিষ্ট ছবি পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈ আৰু আমাৰ মাজত নাই। আজি পুৱা ৮.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। কিছুদিন ধৰি অসুস্থ হৈ থকা পুলক গগৈদেৱৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।
১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা পুলক গগৈয়ে বহুকেইখন ছবি নিৰ্মাণ কৰিছিল। খোজ, শ্ৰীমতী মহিমাময়ী, ৰে’ল আলিৰ দুবৰি বন, সেন্দূৰ, পত্নী, মৰম নদীৰ গাভৰু ঘাট সুৰুজ, মমতাজ, সদৰী আদি ছবি পৰিচালনা কৰিছিল পুলক গগৈয়ে।