নিউজ ডেস্কঃ ১৯৬৩ চনত অচ্যুত লহকৰ দেৱৰ নেতৃত্বত পাঠশালাত জন্ম হৈছিল ভ্ৰাম্যমান থিয়েটাৰৰ । তাৰ পিছৰেপৰাই লাহে লাহে আন আন নাট্য দলৰ জন্ম হয় আৰু এই ভ্ৰাম্যমান থিয়েটাৰ পৰ্যবসিত হৈছিল এটা উদ্যোগৰূপে । কিন্তু অসমৰ সবাতোকৈ জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰ আজি সংকটৰ গৰাহত ।
সময় আছিল ১৯৬৩ চন । পাঠশালাৰ মাজমজিয়াত প্ৰয়াত অচ্যুত লহকৰে ভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰম কৰি জন্ম দিছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমান নাট্য দল নটৰাজ থিয়েটাৰৰ । ইয়াৰ পিছতেই পাঠশালাত কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ প্ৰয়াত ৰতন লহকৰৰ কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমানক দিছিল নতুন যাত্ৰা । অসমৰ ভিন্ন প্ৰান্তত জন্ম হৈছিল নতুন নতুন সৰু ডাঙৰ কেইবাটাও নাট্য দলৰ । বিগত ৫৭টা বছৰজুৰি অসমৰ চুকে-কোনে বিপুল জনপ্ৰিয়তাৰে দপদপাই থাকিল ভ্ৰাম্যমান থিয়েটাৰ । মঞ্চৰ দ্বাৰাই বহুতো অভিনেতাই তাৰকাৰ স্বীকৃতি পালে তথা এই উদ্যোগেই হৈ পৰিল হেজাৰ হেজাৰ পৰিয়ালৰ জীৱিকা । কিন্তু হঠাতে ক’ৰোনা মহামাৰীয়ে স্তব্ধ কৰিলে ভ্ৰাম্যমানৰ সকলো কাম-কাজ । বহু শিল্পী এতিয়া দয়াৰ পাত্ৰ হৈ সাহায্যৰ বাবে হাত পাতিবলগীয়াও পৰিস্থিতি হৈছে । দৰাচলতে এইখিনি সময়ত নাট্যনগৰীৰ আখৰা গৃহসমূহত আখৰাক লৈ শিল্পী কলা-কুশলী সকলৰ ব্যস্ততাই ৰজনজনাই থাকে পাঠশালাৰ পৰিবেশ । কিন্তু এইবেলি নিমাওমাও অৱস্থা । অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ । কি হ’ব অসম গৌৰৱ ভ্ৰাম্যমাণৰ । যাৰ লগত জড়িত হৈ আছে বহু আহ্বায়ক সমিতি অভিনেতা-শিল্পী-কলা-কুশলী লগতে প্ৰযোজকৰ প্ৰতিষ্ঠাৰ বিষয় । স্বাভাৱিকতে ইয়াকে লৈ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ সমন্বিতে কৃষ্ণ ৰয়ে ভ্ৰাম্যমানৰ এনে দুৰ্যোগৰ সময়ত দুখ ব্যক্ত কৰাৰ লগতে বিচাৰিছে চৰকাৰী হস্তক্ষেপ ।
যদিহে আৰু কেইবামাহলৈ নিয়ন্ত্ৰণ নহয় ক’ৰোনা মহামাৰী তেতিয়া কি হব ভ্ৰাম্যমানৰ ভৱিষ্যত ! অসমৰ শ-শ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জড়িত হৈ থকা এই উদ্যোগটো চলি থাকিবলৈ কিবা চৰকাৰী নীতি নিয়ম বান্ধি দিব নেকি সেয়া হব লক্ষণীয় ।