গুৱাহাটী চহৰৰ মাজমজিয়াত প্ৰথমবাৰলৈ মুকলি হ’ল বলিউডৰ অভিনেতা অজয় দেৱগনৰ NY চিনেমাৰ এক্সকুছিত মাল্টিপ্লেক্স চিনেমা হল। এই মাল্টিপ্লেক্স উত্তৰ আৰু পশ্চিম ভাৰতৰ একাধিক স্থানত সফলতাৰে প্ৰদৰ্শন কৰাৰ পিছত উত্তৰ-পূৰত NY চিনেমাৰ শুভাৰম্ভণি ঘটিছে। NY চিনেমা হৈছে এক মাল্টিপ্লেক্স শৃংখলা, ইয়াত ভাৰতীয় লোকাচাৰ আৰু মূল্যবোধ নিহিত হৈ আছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী বলিউড অভিনেতা, পৰিচালক অজয় দেৱগনে প্রতিষ্ঠা কৰিছিল এই NY চিনেমা। ছিংগল স্ক্রীন (একক পৰ পুৰণি পৃথিৱীৰ আকৰ্ষণ মাল্টিপ্লেক্সলৈ ঘূৰাই অনা আৰু দৰ্শকসকলক নিজৰ প্রিয় চলচ্চিত্ৰ আৰু চলচ্চিত্র তাৰকাসকলৰ ওচৰলৈ অনাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা হৈছে এই মাল্টিপ্লেক্স। গুৱাহাটীবাসীয়ে চহৰখনৰ মাজমজিয়াত অৱস্থিত ৰুদ্ৰাক্ষ মলত নতুন চিনেমা চোৱাৰ স্থান লাভ কৰিব চলচ্চিত্রপ্রেমীয়ে।
সকলোৱে নিজৰ ঘৰৰ দৰে অনুভৱ কৰিব পৰাকৈ অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক মনত ৰাখি নিৰ্মাণ কৰা হৈছে এই চলচ্চিত্র গৃহটো। গুৱাহাটীবাসীয়ে এই চিনেমা হলত মকটেইল বাৰৰ অভিজ্ঞতা লাভ কৰিব।
NY চিনেমাৰ চি ই অ’ ৰাজীৱ শৰ্মাই উল্লেখ কৰে যে; “অজয়ৰ দৃষ্টিভংগী হৈছে এনে স্থানসমূহ চিনাক্ত কৰা হওক, যিবোৰ কেৱল চলচ্চিত্র গৃহই নহয় চিনেমা চোৱাৰ লগতে দৰ্শকৰ বাবে মনোৰঞ্জনমূলক অভিজ্ঞতাও প্রাপ্ত হয়। প্ৰতিটো চিনেমাকে ক্লাছিকেল পদ্ধতিৰে কিউৰেট কৰা হৈছে আৰু ইয়াৰ পৰিৱেশ আৰু পৰিৱেশনত স্থানীয় প্ৰান্তৰ পৰশ দিয়া হৈছে৷ গুৱাহাটীত আমিও আমি চলচ্চিত্রপ্রেমীয়ে ভাল পোৱা ডলবি এটমছ শব্দৰ সৈতে এখন ৫৬ ফুট বহল ডাঙৰ এখন স্ক্ৰীন প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছোঁ।”
NY চিনেমাৰ প্ৰতিষ্ঠাপক ছুপাৰষ্টাৰ অজয় দেৱগনে উদ্ধৃতি দি কয়, অৱশেষত উত্তৰ-পূববাসীয়ে এনে এটা চলচ্চিত্র গৃহ লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ আৰু মই আশা কৰোঁ যে মোৰ চিনেমাবোৰত যিদৰে মৰমেৰে উপচায় পেলায় আৰু মোক যিদৰে মৰম কৰে একেই মৰম এই NY চিনেমাকো যাতে দিয়ে।”
NY চিনেমাত ৩৬০ ডিগ্রী ফটোবুথ, থিয়েটাৰ লৰীত ১২ ফুটৰ ভিডিঅ’ ৱাল আৰু প্ৰতিটো আনন্দদায়ক মুহূর্ত ধৰি ৰাখিবলৈ আৰু সুখকৰ স্মৃতিৰে উভতি যাবলৈ একাধিক চেলফি পইণ্টৰ দৰে অনন্য বৈশিষ্ট্যই চিনেমা চোৱাৰ সম্পূর্ণ মাদকতা প্ৰদান কৰে। NY চিনেমাই বর্তমান ১২খন চহৰৰ ৫০খন স্ক্ৰীনত চলচ্চিত্ৰ প্ৰদৰ্শন কৰি আছে আৰু এই বছৰৰ আহি থকা দিনত আৰু ৩০খন স্ক্ৰীনত প্ৰদৰ্শনৰ বাৰে পদক্ষেপ হাতত লৈছে।