অস্কাৰ এৱাৰ্ড-২০২১ ৰ বাবে শীৰ্ষ ১০ ত নিৰ্বাচিত একতা কাপুৰৰ চুটি ছবি ‘বিট্টু’ ।
এই বৰ্ষৰ অস্কাৰ এৱাৰ্ডৰ লাইভ এক্সন চৰ্ট ফিল্ম শাখাত নিৰ্বাচিত হৈছে একতা কাপুৰ আৰু তাহিৰা কাশ্য়পৰ ‘বিট্টু’ ।
অস্কাৰ এৱাৰ্ডৰ বাবে মালয়ালম ছবি জাল্লিকাট্টু মনোনীত হৈছিল যদিও শীৰ্ষ ১০ত নিৰ্বাচিত নহ’ল ছবিখন ।
মাৰ্চৰ ১৫ তাৰিখে অকাডেমীয়ে ঘোষণা কৰিব নিৰ্বাচিত ছবিৰ নাম ।
২৫ এপ্ৰিলত প্ৰদান কৰা হ’ব অস্কাৰ এৱাৰ্ড । বিট্টু ছবিখন পৰিচালনা কৰিছিল কৰিশ্মা দেৱ ডুবেই ।
এগৰাকী ৮ বছৰীয়া কিশোৰীৰ জীৱনৰ এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত চুটি ছবি বিট্টু ।
যিয়ে নিজৰ সম্প্ৰদায়ৰ দুৰ্বল লোকসকলৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে ।