প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ত আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন কথাৰ মাজতে তাঞ্জানিয়াৰ কিলি আৰু নীমাৰ লিপ চিংকৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, আমি ভাৰতৰ বিভিন্ন ভাষাত থকা দেশপ্ৰেমমূলক গীতৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিব পাৰো। বিদেশী নাগৰিক অথবা দেশ-বিদেশৰ বিখ্যাত গায়কসকলক ভাৰতীয় দেশপ্ৰেমমূলক গান গাবলৈ আমন্ত্ৰণ জনাব পাৰো।
যদি তাঞ্জানিয়াৰ কিলি আৰু নীমাই ভাৰতৰ গানবোৰত সুন্দৰ ভাৱে লিপ চিংক কৰিব পাৰে, তেন্তে মোৰ দেশত, আমাৰ দেশৰ বহুতো ভাষাত, তামিল গানত কোনো গুজৰাটী শিশুৱে, কেৰালাৰ শিশুৱে অসমীয়া গীতত, কানাড়া শিশুৱে জম্মু আৰু কাশ্মীৰৰ গানত এনে কিয় নকৰে? আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ য’ত আমি ‘এক ভাৰত- শ্ৰেষ্ঠ ভাৰত’ অনুভৱ কৰিবলৈ সক্ষম হ’ম।
কেৱল এয়াই নহয়, আমি নিশ্চিতভাৱে স্বাধীনতাৰ অমৃত মহোৎসৱক এক নতুন ধৰণে উদযাপন কৰিব পাৰোঁ। মই দেশৰ যুৱপ্ৰজন্মক অনুৰোধ জনাইছো, আহক, নিজৰ ধৰণে ভাৰতীয় ভাষাৰ জনপ্ৰিয় গানৰ ভিডিঅ’ বনাওঁ, আপুনি অতি জনপ্ৰিয় হৈ পৰিব। আৰু দেশৰ বৈচিত্ৰ্যবোৰ নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব।