ছ’চিয়েল মিডিয়াত ভাইৰেল অভিনেত্ৰী পূজা হেগৰেৰ ফটোত অশ্লীল মন্তব্য কৰে ট্ৰলাৰ্চে ।
কোনোৱে যদি নগ্ন ফটো বিচাৰি কমেণ্টত লিখিছে, কোনোৱে আকৌ কৈছে বডি শ্বেমিঙৰ কথা ।
দক্ষিণ ভাৰতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী পূজা হেগৰে ।
ছ’চিয়েল মিডিয়াটো সক্ৰিয় অভিনেত্ৰীগৰাকী ।
নিজৰ দৈনন্দিন জীৱনৰ লগত জড়িত ফটোসমূহ অনুৰাগীৰ লগত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ।
বহু সময়ত বিতৰ্কৰ মাজত সোমাই পৰাও দেখা পোৱা যায় অভিনেত্ৰীগৰাকীক ।
কিছু দিন পূৰ্বে পূজা হেগৰে ছুইমিং পুলত গা ধুই থকা অৱস্থাৰ এখন ফটো শ্বেয়াৰ কৰিছিল ইনষ্টাগ্ৰামত ।
ফটোখন ট্ৰল কৰি এজনে পূজাৰ নগ্ন ফটো বিচাৰিছিল আৰু ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ ভৰিদুখনৰ ফটো শ্বেয়াৰ কৰে ।
পূজাৰ লগত এনেধৰণৰ ঘটনা এইবাৰেই প্ৰথম নহয় ।
পূৰ্বেও পূজা হেগৰেৰ শৰীৰক লৈ সমালোচিত হৈছে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল সৰহসংখ্য়ক ফটোতেই পূজাক দেখা পোৱা যায় ছুইম ছুটত ।
পূজাই সঘনাই ব্যায়াম কৰি থকাৰ ফটোও শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত ।
ক’ৰোণা মহামাৰীৰ সময়ত ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছিল পূজা হেগৰেৰ ।
নিজকে এগৰাকী ড্ৰীমাৰ,সুদক্ষ তথা প্ৰতিভাৱান অভিনেত্ৰী বুলি দাবী কৰে পূজাই ।
‘ৰাধেশ্যাম’ ছবিত চুপাৰষ্টাৰ প্ৰভাসৰ বিপৰীতে অভিনয় কৰা দেখা পোৱা যাব পূজাক ।
ইতিমধ্যেই ছবিখনৰ টিজাৰ ৰিলিজ হৈছে ।
‘মুগামুডী’ ছবিৰ জৰিয়তে ২০১২ চনত অভিনয় জগতত খোজ পেলাইছিল পূজা হেগৰেই ।
হাউচফুল ৪ আৰু মহেঞ্জদাৰোৰ দৰে চিনেমাত শক্তিশালী অভিনয়েৰে পূজাই হৃদয় জিনিছে অনুৰাগীৰ ।