২০২১ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰাৰ দিশে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ৷
৯৩তম অকাডেমী বঁটাৰ বাবে মনোনীত হৈছে প্ৰিয়ংকা চোপ্ৰাৰ অভিনীত ‘দ্য হোৱাইট টাইগাৰ’ ৷
ৰামিন বাহ্ৰানীয়ে পৰিচালনা কৰা ‘দ্য হোৱাইট টাইগাৰ’ত ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱেও অভিনয় কৰিছে ৷
ক’ৰোণা মহামাৰীৰ মাজতে নেটফ্লিক্সত মুক্তি লাভ কৰিছিল ছবিখনে ৷
‘দ্য বেষ্ট এডাপটেড স্ক্ৰীনপ্লে’ শাখাত মনোনীত হৈছে ছবিখন ৷
পৰিচালক ৰামিন বাহ্ৰানীৰ লগত আৰু উক্ত শাখাত মনোনীত হোৱা সকলো ছবিৰ দুখন ফটো শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই ৷
টুইটযোগে প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিছে এই এই খবৰ ৷
প্ৰিয়ংকাৰ সহ-অভিনেতা ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱেও ছ’চিয়েল মিডিয়াযোগে উদযাপন কৰিছে এই গৌৰৱৰ মুহূৰ্ত ৷
ছবিখনত দুৰ্দান্ত অভিনয়ৰ বাবে প্ৰশংসিত হৈছে মুখ্য অভিনেতা আদৰ্শ গৌৰৱ ৷
ছবিখনৰ কাহিনী লেখক অৰবিন্দ আডিগাৰ পুৰস্কাৰপ্ৰাপ্ত উপন্যাস ‘দ্য হোৱাইট টাইগাৰ’ৰ পৰা লোৱা হৈছে ৷