মাতৃ দিৱসৰ দিনাই জীয়ৰী মালতী মেৰীৰ প্ৰথম আভাস দিলে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত ১০০ দিন ভৰ্তি হৈ থকাৰ পিছত প্ৰিয়ংকা-নিকে প্ৰথমবাৰলৈ ঘৰলৈ আনিছে সন্তানটিক ।
প্ৰিয়ংকাই শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে, “এই মাতৃ দিৱসৰ ক্ষণত আপোনালোকৰ সন্মুখত আমি বিগত মাহকেইটাত সন্মুখীন হোৱা অভিজ্ঞতা আৰু অনুভৱৰ বাহিৰে আন একো উপস্থাপন কৰিব নোৱাৰো ৷
প্ৰিয়ংকাই লগতে কয় যে, প্ৰতিটো পৰিয়ালৰে যাত্ৰা অনন্য আৰু তেনেদৰে চলি যাবলৈ এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷ আমাৰ প্ৰত্যাহ্বানজনক মাহকেইটালৈ উভতি চালে এতিয়া স্পষ্ট হৈ পৰে যে প্ৰতিটো মুহূৰ্ত কিমান মূল্যৱান আৰু নিখুঁত আছিল” । প্ৰিয়ংকাই মালতীৰ সঠিক যত্ন লোৱাৰ বাবে চিকিৎসকসকলকো ধন্যবাদ জনাই পোষ্টটোৰ জৰিয়তে । প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোখনত অভিনেত্ৰীগৰাকীয়ে সন্তানটিক কোলাত লৈ থকা দেখা গৈছে আৰু নিকে হাত এখনত ধৰি একেথৰে চাই আছে মালতীক ৷ অৱশ্যে বগা ৰঙৰ হাৰ্ট ইম’জিৰে সন্তানটিৰ মুখ ঢাকি দিয়ে প্ৰিয়ংকাই ৷