এছ.এছ. ৰাজামৌলী মানেই যেন চিনেমাৰ এক ধুমুহাৰ নাম। তেওঁ যতেই হাত দিছে তাতেই উঠিছে সফলতাৰ জোৱাৰ। বৰ্তমান এছএছ ৰাজামৌলীৰ ছবি RRR বক্স অফিচত ঢৌ তুলিছে। ৪৮ বছৰীয়া তেলেগু পৰিচালক ৰাজামৌলীয়ে এতিয়ালৈকে ১১ খন চিনেমা নিৰ্মাণ কৰিছে আৰু সকলোবোৰ ছুপাৰহিট হৈছে। দক্ষিণ চলচ্চিত্ৰ উদ্যোগ হওঁক বা বলীউড হওঁক সকলোতে এছ এছ ৰাজামৌলীৰ নাম বিয়পি পৰিছে। বাহুবলী বোলছবিখনে তেওঁক বিশ্ববিখ্যাত কৰি তুলিলে।
ৰাজামৌলী তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি RRRৰ বাবে এতিয়া চৰ্চাত আছে। জুনিয়ৰ এনটিআৰ, ৰাম চৰণ, আলিয়া ভাট আৰু অজয় দেৱগনৰ দৰে তাৰকাৰে সজ্জিত ছবিখনে মুক্তি পোৱাৰ লগে লগে যথেষ্ট ধন উপাৰ্জন কৰিছে, যিটো দেখি সকলোৱে আচৰিত হৈছে। ছবিখনে মুক্তিৰ পাছত প্ৰথম দুদিনতে প্ৰায় ৫৮০ কোটি টকাৰ বৃহৎ ব্যৱসায় কৰিছে। ৰাজামৌলীৰ ছবিয়ে ইতিহাস সৃষ্টি কৰা এইয়াই প্ৰথম নহয়। ৰাজামৌলী এনে এজন পৰিচালক যাৰ নামটোৱে চলচ্চিত্ৰসমূহক হিট কৰি তোলাত যথেষ্ট সহায় কৰে।
দেশৰ শীৰ্ষ পৰিচালকসকলৰ মাজৰ ৰাজামৌলী এনে এজন চলচ্চিত্ৰ নিৰ্মাতা যাৰ ছবি আজিলৈকে ফ্লপ হোৱা নাই। ছবি পৰিচালনাৰ পৃথিৱীত ভৰি দিয়াৰ সময়ত কোনেও কল্পনা কৰা নাছিল যে ভাৰতে দাদাচাহেব ফালকে, সত্যজিৎ ৰায়, গুৰু দত্ত, মৃণাল সেন, অদুৰ গোপালকৃষ্ণণৰৰ পাছত এছ এছ ৰাজামৌলীৰ দৰে এজন পৰিচালক পাব। এছ এছ ৰাজামৌলীক এতিয়া চলচ্চিত্ৰৰ যাদুকৰ হিচাপে জনা যায়। তেওঁৰ চলচ্চিত্ৰসমূহৰ কল্পনা আৰু কাহিনী কোৱাৰ ধৰণত দৰ্শকৰ মন মোহাচ্ছন্ন হৈ পৰে।