গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। বুধবাৰে পুৱা মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হস্পিটেলত মৃত্যু হয় ৬৯ বছৰীয়া শিল্পী গৰাকীৰ।
উল্লেখ্য যে, বাপ্পী লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। বাপ্পী লাহিড়ীয়ে সোণৰ অলংকাৰ পৰিধান কৰি ভাল পাইছিল। সোণৰ অলংকাৰ আৰু ক’লা চশমা আছিল তেওঁৰ আন এক পৰিচয়। ডিঙিত ডাঠ সোণৰ চেইন আৰু হাতত ডাঙৰ সোণৰ আঙুঠিৰ লগতে বহুতো সোণৰ অলংকাৰ পৰিধান কৰি তেওঁ ভাল পাইছিল।
অনুৰাগী আৰু সহকৰ্মীসকলৰ মাজত বাপ্পী দা নামেৰে জনাজাত সংগীত শিল্পীগৰাকীক বলীউডৰ ডিস্কো কিং বুলি জনা গৈছিল। ৷ তেওঁ আশী আৰু নব্বৈৰ দশকৰ হিন্দী চলচ্চিত্ৰ জগতত ডিস্কো ধাৰা আৰম্ভ কৰিছিল।
সুৰকাৰ হিচাপে বাপ্পী লাহিড়ীৰ আটাইতকৈ জনপ্রিয় ছবিবোৰৰ ভিতৰত আছে “ডিস্কো ডান্সাৰ”, “নমক হালাল”, “ডান্স ডান্স”, শৰাবী”, “চাহেব”, “হিম্মতৱালা”, “ৱাৰ্দাট” আৰু “চলতে চলতে” ৷ উল্লেখ্য যে, ২০১১ চনত তেওঁ “দ্য ডাৰ্টি পিকচাৰ” চলচ্চিত্ৰত ব্ল’কবাষ্টাৰ গান “ওহ লালা লা”ৰ জড়িয়তে এক বিৰতিৰ পাছত পুনৰ কণ্ঠশিল্পী হিচাপে ছবি জগতলৈ ভুমুকি মাৰিছিল।
বলীউডৰ প্ৰথমগৰাকী ৰক ষ্টাৰ গায়ক বাপ্পী লাহিড়ীৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে দেশজুৰি শোকৰ ছাঁ পৰিছে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বলিউডৰ বহু জনপ্ৰিয় শিল্পীয়েও বাপ্পী লাহিড়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।