ভাৰতীয় ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিলে RRRএ বোলছবিখনে। মুক্তিৰ ৩টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১,২৩৫কোটিৰা অধিক টকা। উল্লেখ্য যে, RRR ছবিখনে বাহুবলী-২ৰ ৰেকৰ্ডো ভংগ কৰিলে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই বাহুবলী-২ৰ ৰেকৰ্ড ভংগ কৰিছিল। বাহুবলী-২ৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ২১৫কোটি। ইয়াৰ পৰিৱৰ্তে RRRএ প্ৰথম দিনাৰ উপাৰ্জন হৈছে ২৩৫কোটি টকা। আজিলৈকে ভাৰতৰ কোনো এখন চিনেমাই এদিনতে ইমান টকা উপাৰ্জন কৰা নাছিল।
উল্লেখ্য যে, RRRএ প্ৰথমদিনা ২৩৫কোটি, দ্বিতীয় দিনা ৩০০কোটি আৰু তৃতীয়া দিন প্ৰায় ৭০০কোটি টকা উপাৰ্জন কৰে। বাহুবলীৰ পৰিচালক ৰাজামুৰলীয়ে পৰিচালনা কৰা এই ছবিখনৰ বাজেট আছিল প্ৰায় ৪০০কোটি। ছবিখনত অভিনয় কৰা অভিনেতাসকলকো উচ্চ পৰ্যায়ৰ মাননি প্ৰদান কৰা হৈছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা জুনিয়ৰ এন টি আৰ আৰু ৰামচৰণক ৫০-৫০কোটি টকা মাননি প্ৰদান কৰা হৈছিল। ইয়াৰ বিপৰীতে আলিয়াক ২০কোটি আৰু এটা সৰু চৰিত্ৰত অভিনয় কৰা অজয় দেৱগনক ৩০কোটি টকা প্ৰদান কৰা হৈছিল।