সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে বিবেক অগ্নিহোত্ৰীৰ নিৰ্দেশিত ছবি The Kashmir Files। ছবিখনে বৰ্তমান সময়লৈকে প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে এই ছবিখনৰ মুঠ আয় ২০০.১৩ কোটি টকা। মহামাৰীৰ সময়ত এই ছবিখনে সৰ্বাধিক আয় কৰা এখন ছবি হিচাপে গণ্য হৈছে।
উল্লেখ্য যে, এই ছবিখনক লৈ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ছবিখনত ১৯৯০ চনত কাশ্মীৰত হিন্দু পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে দেখুওৱা হৈছে।