শুকুৰবাৰে যোধপুৰ পীঠৰ ৰাজস্থান উচ্চ ন্যায়ালয়ে কৃষ্ণ মৃগ চিকাৰ প্ৰসংগ সন্দৰ্ভত আৱেদনৰ শুনানিৰ দিন ২৭ এপ্ৰিললৈ বৃদ্ধি কৰে,
যি যোধপুৰৰ এখন জিলা আদালতৰ বিচাৰাধীন।
২০১৮ৰ ৮ এপ্ৰিলত যোধপুৰ আদালতে কৃষ্ণ মৃগ চিকাৰ প্ৰসংগ সন্দৰ্ভত ছলমান খানক ৫ বছৰৰ বাবে শাস্তি ঘোষণা কৰিছিল।
ইফালে ঘটনা সন্দৰ্ভত ছঈফ আলী খান, টাবু, সোণালী বেন্দ্ৰে আৰু নীলমক মুকলি কৰি দিয়া হৈছিল।
উল্লেখ্য যোধপুৰত ‘হাম ছাথ ছাথ হ্যে’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত ১৯৯৮ত ছলমান খানৰ বিৰুদ্ধে কৃষ্ণ মৃগ চিকাৰ কৰাক লৈ ৩টা গোচৰ ৰুজু কৰাৰ লগতে Arms Actৰ আধাৰতো আন এটা গোচৰ ৰুজু হৈছিল।
অস্ত্ৰ গোচৰ সন্দৰ্ভত ২০১৮তে তেওঁক ৰেহাই দিয়া হৈছিল কিন্তু শুনানিৰ সময়ত চলমান খানক অস্ত্ৰৰ লাইচেঞ্চ আদালতত জমা কৰিব দিছিল,
কিন্তু তেওঁ জমা দিয়া নাছিল।
Photo Credit: The Logical Indian