মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰিছিল আৰু কালি নিশা প্ৰায় ২ বজাত শ্বাহৰুখ খানে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰে বুলি জানিবলৈ দিছে।
উল্লেখ্য, পাঠান চলচ্চিত্ৰৰ মুক্তিৰ পূৰ্বে গুৱাহাটীৰ নাৰেংগীত বজৰং দলে পোষ্টাৰ ফালি প্ৰতিবাদ কৰাৰ পিছত নিৰাপত্তাজনিত বিষয়ক লৈ মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰিছিল। তেওঁ লগতে কৈছিল যে বিষয়টো থানাত অৱগত কৰিলে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু অভিনেতা শ্বাহৰুখ খানে এই বিষয়ে মোক একো জনোৱা নাই। এনে পৰিপ্ৰেক্ষিততে হয়তো বলীউড বাদশ্বাহ শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীক নিশা প্ৰায় ২ বজাত ফোন কৰে।
Bollywood actor Shri @iamsrk called me and we talked today morning at 2 am. He expressed concern about an incident in Guwahati during screening of his film. I assured him that it’s duty of state govt to maintain law & order. We’ll enquire and ensure no such untoward incidents.
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 22, 2023
মুখ্যমন্ত্ৰীয়ে এই বিষয়ে জানিবলৈ দি কয়- ”বলীউডৰ অভিনেতা শ্বাহৰুখ খানে মোক ফোন কৰে আৰু আমি আজি পুৱা ২ বজাত কথা পাতোঁ। তেওঁৰ ছবিখন প্ৰদৰ্শনক লৈ হোৱা গুৱাহাটীৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। মই তেওঁক আশ্বস্ত কৰোঁ যে আইন আৰু শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য। আমি সোধা-পোছা কৰিম আৰু নিশ্চিত কৰিম যে এনে কোনো অশুভ কাণ্ড যাতে নহয়৷”