বিগ বছ ছীজন ১৩ৰে বিখ্যাত হোৱা শ্বেহনাজ গিলক দিয়া হৈছে এচিড আক্ৰমণৰ ভাবুকি।
এটা সাক্ষাতৰ জৰিয়তে তেওঁ এই কথাটো খোলোচা কৰে। শ্বেহনাজৰ অনুৰাগী কোটিতকৈ অধিক।
কিন্তু কিছুমান লোকে তেওঁক অশান্তি দিয়াত ব্যস্ত হৈ পৰিছে।
ইফালে, শ্বেহনাজেও এনেধৰণৰ লোকক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আছে।
শ্বেহনাজে ক’লে, “মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু ইয়াৰ দ্বাৰা মোৰ কোনো প্ৰভাৱ নপৰে।
শ্বেহনাজে ক’লে যে, তেওঁ এনেধৰণৰ লোকৰ নিজে মানসিকতা সলনি কৰিব নোৱাৰে।
সাক্ষাতৰ সময়ত তেওঁ ক’লে যে, মই তেওঁলোকক ভয় নকৰো।
মই তেনে লোকক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰো, যিসকলে এই কাম কৰি আছে।
মোৰ এইবিলাকেৰে কোনো প্ৰভাৱ নপৰে বৰঞ্চ মোৰ আত্মবল বৃদ্ধি হয়।
লগতে তেওঁ ক’লে যে,”মই জানো যে মানুহে মোক কিমান ভাল পায়।
মোৰ ইয়াত কোনো প্ৰভাৱ নপৰে যে কিছুমানে মোৰ বিষয়ে কি কয় আৰু মোৰ কি বেয়া কৰিব বিচাৰে।
তেওঁ লগতে ক’লে যে, “মই সদায় নিজৰ কামত গুৰুত্ব প্ৰদান কৰো আৰু অনুৰাগীক হতাশ হ’বলৈ নিদিও।”
শ্বেহনাজ গিলৰ নতুন গীত মুকলি
অৱশেষত ২০২১ বৰ্ষত এটা সুন্দৰ গীত মুকলি হ’ল, য’ত শ্বেহনাজ গিল আৰু বাদশ্বাহক প্ৰত্যক্ষ কৰা হৈছে।
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে কিছুদিন পূৰ্বে পঞ্জাৱী আৰু বলীউড গায়ক বাদশ্বাহৰ নতুন গীত মুকলি হৈছে।
এই গীতটোক ৰাইজে যথেষ্ট আদৰ দিছে। বৰফেৰে আবৃত কাশ্মীৰত এই গীতটোৰ শ্বুট কৰা হৈছে।
Photo: Google