বৰ্তমান ‘ইণ্ডিয়াজ গট টেলেণ্ট’ নামৰ ৰিয়েলিটি শ্ব’ত এগৰাকী বিচাৰকৰ ভূমিকাত থকা দেখা গৈছে জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীক । এই ৰিয়েলিটি শ্ব’টোৰ পৰা, শিল্পাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰা দেখা গৈছে । ইপিনে শিল্পাই পুনৰ এবাৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে। এই ক্লিপটোত, শিল্পাক অনুষ্ঠানটোৰ এজন বিচাৰক বাদশ্বাহ আৰু অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থকা ছবি পৰিচালক ৰোহিত চেট্টীৰ সৈতে দেখা গৈছে ।
এই ভিডিঅ’টোত ৰোহিত চেট্টীক বাদশ্বাহৰ সৈতে কথা পতাত ব্যস্ত থকা দেখা গৈছে,ইপিনে পিছফালৰ পৰা শিল্পা চেট্টীয়ে ৰোহিত-ৰোহিত বুলি মাতি আছে, কিন্তু ৰোহিতে বাদশ্বাহৰ সৈতে কথা পতাতে ব্যস্ত আছিল । শিল্পাই বাৰে বাৰে ৰোহিত চেট্টীক মাতি থকা স্বত্বেও কোনো উত্তৰ দিয়া নাছিল,।
ঠিক তেতিয়াই শিল্পাই জোৰেৰে কৈছিল – ‘আতা মাঝি ছটক লি’ আৰু তাৰ পিছতেই ৰোহিতৰ হাতত এটা কাঁচৰ বটল মাৰি দি চিঞৰে কৈছিল ,’পিকচাৰ দো মুঝে’। ইয়াৰ পিছত, ৰোহিতে কয় – ‘পাগল নেকি?’, এনেতে, শিল্পাই ডাঙৰ ডাঙৰকৈ গান গাবলৈ আৰম্ভ কৰে – পাগল হে…পাগল হে। . অনুৰাগীসকলে শিল্পাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত খুব লাইক আৰু কমেণ্ট কৰিছে। পাঁচ ঘণ্টাৰ আগতে, শিল্পাই এই ভিডিঅ’টো তেওঁৰ ইনষ্টাত শ্বেয়াৰ কৰিছিল, যাক এতিয়ালৈকে 2 লাখতকৈও অধিক বাৰ চোৱা হৈছে। ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।