‘ইণ্টাৰনেশ্যনেল গুৱাহাটী ফিল্ম ফেষ্টিভেল, লণ্ডন লিফ্ট অফ গ্লৱেল ফ্লিম ফেষ্টিভেল আদি ভিন্ন ছবি মহোৎসৱত অংশুমান শইকীয়াৰ ‘শিল্পী’ ছবি খন নিৰ্বাচিত হোৱা সাফল্যৰ পাছত এইবাৰ দৰ্শকলৈ আগবঢ়াব Mirdan প্ৰযোজনাত নিৰ্মিত চুটি ছবি “দাদহ”। ইতিমধ্যে ছবি খনৰ পোষ্টাৰ আৰু টিজাৰ ‘চীনে-কথা’ নামৰ ইউটিউব চেনেলেটিত মুকলি পাইছে।
ছবি খন মুলতঃ অপৰাধজনিত বিষয়ৰ ওপৰত আধাৰিত। বৰ্তমান সময়ত অসমত চলি থকা ড্ৰাগছ অভিযানত অসম আৰক্ষীৰ সাফল্যৰ ওপৰত ভিত্তি কৰি ছবি খনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে।
অন্য বাতৰি পঢ়িবলৈ:- “LoveBirds”ৰ সাফল্যৰ পাছত এইবাৰ দৰ্শকলৈ সমুজ্জল কাশ্যপৰ “The Radio Guy”
ছবি খনত অভিনয় কৰিছে ৰীতু মেধি,অম্বুজেচ বশিষ্ট,নিপন জ্যোতি ডেকা, দীপাংকৰ বৈশ্য,কাৰ্তিক বড়া,দেৱজানী কাশ্যপ,শৰৎ শৰ্মা,লক্ষ্যনা বড়ো,ৰাজেশ মুৰাৰী। ১৫-২০ মিনিটৰ দৈৰ্ঘ্যৰ ছবি খন সম্পাদনা কৰিছে মনি মুগ্ধ ৰাজকোঁৱৰ,সহকাৰী নিৰ্দেশক প্ৰাঞ্জল প্ৰতীম আৰু প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে ৰীতুমনি চেতিয়া,দৃশ্যগ্ৰহণ ৰেকিব আহমেদে কাম কৰিছে। ছবি খনৰ সংগীতৰ কাম কৰিছে বিশ্ব বিদ্যুৎ দাস, কণ্ঠশিল্পী অনুৰাগ বৰুৱা আৰু গীতটি লিখিছে অম্লান দ্বীপ শইকীয়াই।
২৩ জুলাইত মুক্তি হ’বলগীয়া ছবি খনৰ সমূহ কলা-কুশলীকে আমাৰ Headline8ৰ তৰফৰ পৰা থাকিল অশেষ আৰু শুভকামনা।