ভূৱন বাদ্যকাৰৰ ‘কাঁচা বাদাম’ গীতটোৱে সকলোকে মোহিত কৰি তুলিছে। গীতটোৰ তালত কঁকাল ভাঙি নচা দেখিছোঁ ৰূপালী পর্দাৰ বহু তাৰকাক। এইবাৰ গীতৰ তালে তালে নাচিছে অলিম্পিকত পদকজয়ী খেলুৱৈ পি ভি সিন্ধুক।
শেহতীয়াকৈ ইউটিউবত এটি ভিডিঅ’ প্রকাশ হৈছে, তাত দেখা গৈছে ‘কাঁচা বাদাম’ গীতৰ তালে তালে নাচিছে সিন্ধুৱে। হালধীয়া ৰঙৰ পোছাকত দেখা গৈছে বেডমিণ্টন খেলুৱৈগৰাকীক। শান্ত স্বভাৱৰ পিভি সিন্ধুৰ এই নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে ইন্টাৰনেটত।