জনপ্ৰিয় কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ অৱস্থা সংকটজনক। মঙলবাৰে পুৱা ব্ৰেইন ষ্ট’কত আক্ৰান্ত হোৱাৰ পিছতেই তেওঁক ততালিকে দিশপুৰ পলিক্লিনিক হাস্পাতালত ভৰ্তি কৰোৱা হয়।
বৰ্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে এসময়ৰ অসমৰ অতি জনপ্ৰিয় শিল্পীগৰাকী। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সোমবাৰে পুৱা ১০ মান বজাত হঠাতে শিল্পীগৰাকীয়ে অসুস্থত অনুভৱ কৰে আৰু অচেতন হৈ ঢলি পৰে। ততালিকে কন্ঠশিল্পীগৰাকীক এম্বুলেন্সেৰে হাস্পাতাললৈ লৈ অনা হয়।
বৰ্তমান অচেতন অৱস্থাত থকা শিল্পীগৰাকীৰ চিটি স্কেন সম্পন্ন কৰাৰ পিছত তেওঁ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে।