- আধুনিক অসমীয়া গীতক নতুন ৰূপেৰে সজাই কেইবাটাও দশক অসমবাসীক মুগ্ধ কৰি ৰখা কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা দেৱ আৰু আমাৰ মাজত নাই। সোমবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল শিল্পী গৰাকী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ আহিছিল। ব্ৰেইন ষ্ট্ৰ’কৰ বাবে অচেতন হৈ পৰা বেজবৰুৱাদেৱৰ অসুস্থতাৰ খবৰে বহু গুণমুগ্ধক ম্ৰিয়মান কৰি ৰাখিছিল। মাটিৰ গোন্ধ থকা শিল্পীজনৰ গীতবোৰ অসমীয়াৰ হৃদয়ৰ ৰন্ধে ৰন্ধে বাজিছিল আৰু আজি সন্ধিয়া ৬.৩০ মান বজাত এই শিল্পীগৰাকীয়ে ইহঃসংসাৰ ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰি তুলিছে সংগীতপ্ৰেমীক। আকাশবাণী গুৱাহাটী কেন্দ্ৰত বেজবৰুৱা দেৱৰ গীত শুনা দিনবোৰৰ সুমধুৰ স্মৃতি আজিও বহুজনৰ মনত সজীৱ হৈ আছে৷ তেওঁৰ বিহুসুৰীয়া গীতবোৰৰ অনন্য আৱেদনে সকলোকে বিস্ময়বিমুগ্ধ কৰি ৰাখিছিল।
অসমৰ থলুৱা আৰু লোকসংগীতৰ ওপৰত বিশেষভাৱে সম্পৰীক্ষাৰে আধুনিক অসমীয়া সংগীতৰ ভেটিটোক ধৰি ৰখা শিল্পীগৰাকীৰ সাংগীতিক অৱদান অসমবাসীয়ে চিৰকাল মনত ৰাখিব৷