আজি কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ জন্মদিন। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল। পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। পদ্মশ্ৰী দিপালী বৰঠাকুৰে বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰিছিল অসমীয়া সংগীতৰ জগতখন। ১৯৪৭ চনত মইনা মেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীত পৰিৱেশনৰ দ্বাৰা অধিক জনপ্ৰিয় হৈ পৰিছিল দীপালী বৰঠাকুৰ। ১৯৭৬ চনত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত দীপালী বৰঠাকুৰৰ বিবাহ হয়। শিল্পীগৰাকীয়ে ১৯৯৮ চনত পদ্মশ্ৰী সন্মান, ২০১০ চনত শিল্পী বঁটা আৰু ২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰিছিল।