লতা দিদিৰ অনুৰাগীলৈ আহিছে সুখবৰ। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ সম্প্রতি ক’ভিডমুক্ত৷ ক’ভিড মহামাৰীৰ পৰা মুক্ত হোৱাৰ উপৰিও ৯২ বছৰীয়া গায়িকাগৰাকীয়ে নিউমোনিয়াকো হৰুৱাবলৈ সক্ষম হৈছে৷ মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপে সংবাদ মাধ্যমক এই সুখবৰটো জনাইছে। উল্লেখ্য যে, ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈ যোৱা ৮ জানুৱাৰীত মুম্বাৰ ব্রীচকেণ্ডী হাস্পতালত ভর্তি হৈছিল কোকিলকণ্ঠী লতা৷ বয়সজনিত শাৰীৰিক পৰিস্থিতিৰ বাবে জটিলতাৰ সৃষ্টি হ’ব বুলি আশংকা কৰি সেই দিনাখনৰ পৰা আই চি ইউত ৰখা হৈছিল লতা দিদিক৷ বৰ্তমান গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট উন্নতি ঘটিছে৷ বিগত তিনি দিন ধৰি ভেণ্টিলেচনৰ বাহিৰত আছে লতা৷ লক্ষণীয়ভাৱে চিকিৎসক আৰু নার্ছসকলৰ সৈতেও লতাই শেহতীয়াকৈ মত বিনিময় কৰিছে৷ অর্থাৎ শীঘ্রে কোকিলকণ্ঠী লতাক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব পাৰে৷