পুনৰ আমেৰিকাৰ পৰ্ণ অভিনেত্ৰী ষ্ট্ৰমী ডেনিয়লছে্ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে থকা সম্বন্ধক লৈ মন্তব্য প্ৰদান কৰে। এটা নিউজ এজেঞ্চীয়ে জনোৱা অনুসৰি, ডেনিয়লছে্ ট্ৰাম্পৰ সৈতে যৌন সম্পৰ্কটো বেয়া ঘটনা বুলি কয়। ডেনিয়লছে্ ক’লে- ‘মোৰ জীৱনৰ আটাইতকৈ বেয়া ৯০ ছেকেণ্ড কাৰণ ইয়াৰ বাবে মই নিজকে ঘৃণা কৰিছিলো।’
উল্লেখযোগ্য যে, ট্ৰাম্পে ডেনিয়লছৰ সৈতে কোনোধৰণৰ সম্বন্ধ থকাৰ কথাত অমান্তি হয়।
কিন্তু ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁ নিজৰ Attorneyৰ জৰিয়তে ডেনিয়লছক মনে মনে থাকিবলৈ লাখ লাখ টকা দিছিল।
এই সন্দৰ্ভত ট্ৰাম্পৰ Attorney মাইকেল কোহেনে জেললৈও যাবলগীয়া হৈছিল।
ডেনিয়লছে ক’লে যে, ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাতকালত তেওঁৰ মূৰত ভাৱ আহিছিল যে কিদৰে ইয়াৰ পৰা পলায়ন কৰো।
পৰ্ণ অভিনেত্ৰীগৰাকীয়ে কয় যে, ঘটনাৰ পূৰ্বে তেওঁ ভৱা নাছিল যে ট্ৰাম্পৰ সৈতে তেওঁ সম্বন্ধ গঢ়িব।
ট্ৰাম্প আৰু ডেনিয়লছৰ মাজত সাক্ষাৎ হৈছিল ২০০৬ত।
তেতিয়া ট্ৰাম্প আৰু মেলানিয়াৰ বিবাহে এবছৰ সম্পূৰ্ণ কৰিছিল। মেলানিয়া ট্ৰাম্পৰ তৃতীয় পত্নী।
Mea Culpa নামৰ এটা পডকাষ্টত মাইকেল কোহেনৰ সৈতে হোৱা আলোচনাত ৪১ বছৰীয়া পৰ্ণষ্টাৰগৰাকীয়ে ট্ৰাম্পৰ সৈতে থকা সম্বন্ধক লৈ নতুন খোলোচা কৰে।
মাইকেল কোহেন সেইজনে লোক যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে, ২০১৬ৰ নিৰ্বাচনী অভিযানৰ সময়ছোৱাত ডেনিয়লছক মনে মনে থকাৰ বাবে ৯৪ লাখ টকা দিছিল।
ঘটনাটোৰ শুনানিৰ সময়ছোৱাত কোহেনে অপৰাধ স্বীকাৰ কৰিছিল।
তেওঁক ৩ বছৰৰ শাস্তি বিহা হৈছিল।
বিগত বৰ্ষৰ জুলাইত ক’ৰোনাৰ বাবে তেওঁক জেলৰ পৰা ৰেহাই কৰি দিয়া হৈছিল আৰু বাকী থকা শাস্তিৰ দিন নিজৰ ঘৰতে কটোৱাইছিল।
Photo: Google