অসমৰ এটি প্রতিষ্ঠিত সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান “সাংস্কৃতিক মঞ্চ,অসমৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ সংগীত নাটক একাডেমি, নতুন দিল্লী (SNA)আৰু উত্তৰ পূৱ ক্ষেত্রসাংস্কৃতিক কেন্দ্র,ডিমাপুৰ (NEZCC)ৰ সহযোগত ত্রয়োদশ বৰ্ষৰ বাবে “লোক নৃত্য কর্মশালা ২০২২” আয়োজন কৰা হয়। কর্মশালাখনি যোৱা ০১-০৪-২০২২ ৰ পৰা ০৮-০৪-২০২২ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত হয়। কর্মশালাখনিত বিহু নাচ বিহু নাম, বিহু ঢোলৰ উপৰিও গোৱালপৰীয়া হুদুম নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়। “লোক নৃত্য কর্মশালা ২০২২” অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্রায় ৬০০ ছাত্র ছাত্রীয়ে অংশগ্ৰহণ কৰে। কর্মশালাখনিত মুখ্য উপদেষ্টা ৰূপে থাকে বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক মঞ্চ অসমৰ সভাপতি প্রাঞ্জল শইকীয়া আৰু বিহু বিশেষজ্ঞ ড° অনিল শইকীয়া। কর্মশালাখনি পৰিচালনা কৰে জ্যেষ্ঠ বিহুৱা তথা সাংস্কৃতিক মঞ্চ অসমৰ সম্পাদক দীপজ্যোতি হাজৰিকাই মুখ্য প্রশিক্ষক ৰূপে উপস্থিত থাকে বিহু সম্রাজ্ঞী ক্রমে সংগীতা কাকতি গোস্বামী,পশী হাজৰিকা। কর্মশালাখনিত প্রায় বাৰগৰাকী প্ৰাক্তন বিহু সম্রাজ্ঞী আৰু জ্যেষ্ঠ বিহুৱা-বিহুৱতীয়ে অতিথি প্রশিক্ষক ৰূপে উপস্থিত থাকে।
১ এপ্ৰিলৰ পৰা পাঞ্জাবাৰী শিল্পগ্ৰামত লোক নৃত্য কর্মশালা ২০২২ ৰ উদ্বোধন কৰে,বিশিষ্ট কলা নির্দেশক তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক নুৰুদ্দিন আহমেদে। উদ্বোধনী অনুষ্ঠানৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্টা অভিনেত্রী পূর্ণিমা পাঠক শইকীয়া, বিশিষ্ট সাংস্কৃতিক কর্মী অনুজ কুমাৰ বিষয়া আৰু বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক মঞ্চ অসমৰ সভাপতি প্ৰাঞ্জল শইকীয়া৷
“লোক নৃত্য কর্মশালা ২০২২” সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ০৮-০৪-২০২২ ভাৰিখে। অনুস্থানত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে৷ উক্ত অনুষ্ঠানতেই বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰে বিশিষ্ট সমাজ তথা সাংস্কৃতিক কর্মী গোপাল জানান, বিশিষ্ট চিকিৎসক তথা সংগীতজ্ঞ ডাঃহীতেশ বংৱা, জনপ্রিয় অভিনেতা ৰবি শৰ্মা, জনপ্রিয় কন্ঠ শিল্পী নাহিদ আফ্রিন, জনপ্রিয় নৃত্য পৰিচালকদ্বয় উদয় শংকৰ আৰু অসীম গগৈ, সাহিত্যিক ৰনজিত সুত্ৰধাৰ, বিহু সম্রাট ৰঞ্জিত গগৈ, বৰ বিহুৱা জয়ন্ত সোণোৱাল, জনপ্রিয় অভিনেত্রী পূর্ণিমা পাঠক শইকীয়া, সাংস্কৃতিক কর্মী প্রাণজিত শইকীয়া, অনুজ বিষয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানতেই সাংস্কৃতিক মঞ্চ অসমে ২০১২ চনৰ পৰা প্ৰদান কৰি অহা “বৰ্হমথুৰি শিল্পী বঁটা” ২০২২ বৰ্ষৰ বাবে প্ৰদান কৰে মৰণোত্তৰভাৱে তেজপুৰৰ স্বৰ্গীয় তৰুণ বৰা ওজা দেৱক। সাংস্কৃতিক মঞ্চ অসমৰ সভাপতি জনপ্রিয় অভিনেতা প্রাঞ্জল শইকীয়াই পৰিচালনা কৰা বঁটা প্ৰদান অনুষ্ঠানটিত বঁটাতি গ্ৰহন কৰে স্বৰ্গীয় তৰুণ বৰা ওজা দেৱৰ পুত্ৰ গোলাপ বৰাই। সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ৬০০ ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ,ঢোল বাদন আৰু গোৱালপৰীয়া হুদুম নৃত্য পৰিবেশন কৰে। ছাত্ৰীসকলক হুদুম নৃত্য প্রশিক্ষন দিছিলে গৌৰীপুৰৰপৰা অহা দুলাল ৰয়, বাবু চন্দ্ৰ ৰয় আৰু মায়াৰাণী ৰয়ে। এই অনুষ্ঠানতেই জনপ্রিয় কন্ঠ শিল্পী নাহিদ আফ্রিনে গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে, সাংস্কৃতিক মঞ্চ, অসমে অহা বছৰ ৰূপালী জয়ন্তী বর্ষ উদযাপন কৰিব৷ ইয়াৰ লগত সংগতি ৰাখি ২০২৩ বৰ্ষটোত বছৰজোৰা সামাজিক আৰু সাংস্কৃতিক কার্যসূচী হাতত ল’ব বুলি মঞ্চৰ সম্পাদক দীপ জ্যোতি হাজৰিকাই জানিবলৈ দিছে।