সোণকনৰ ডায়েৰি (খণ্ড- ২)
সোণকনে ডায়েৰিত দিনটোৰ কথাবোৰ লিখি শুই পৰিল। মাকেও ধিমিক ধামাককৈ জ্বলি থকা চাকিটো নুমুৱাই দিলে। তেতিয়ালৈ দেউতাক আহি পালে।
সোনকনে ৰাতিপুৱা সাৰ পাই দেখিলে নঙলামুখত দুবৰিহঁতে কুট-কুট খেলিছে। ৰমা কাইয়ে কান্ধত ভাৰ বান্ধি বজাৰলৈ গুৰ বেছিব যাব উলাইছে।
মহঙাহঁতে পঢ়াশালিলৈ বাট লৈছে । বেনু ককায়েক হাতত হাল কোৰ লৈ পথাৰলৈ উলাইছে। মুঠতে সকলো ব্যস্ত এতিয়া। ৰাতিপুৱাটো অনুভৱ কৰিছে সোনকনে।
আকাশখনত তাৰ হেপাঁহ আছে, সি নৈখনকলৈ সুখী হাবিখনৰ কাষৰ বাটেৰে সি দৌৰি ফুৰে। বৰ আকলুৱা তাৰ গাওঁখন।
তেনেতে মাকে মাতিলে সোন উঠা আকৌ দেৰি হ’ল নহয়। উঠা উঠা।
চকু মেলি চাই সোণকনে দেখিলে এখন বেলেগ পৃথিৱী কাষৰ টেবুলত হৰলিক্সৰ কাপ ডাঙৰ ডাঙৰ কিতাপ। স্কুলৰ বেগ কথাবোৰ সলনি হ’ল।
সি তেতিয়া অনুভৱ কৰিলে আচলতে সি সপোন হে দেখিছিল গাওঁলৈ যোৱাৰ হেপাঁহ হুচৰি গোৱাৰ ইচ্ছা বোৰ বৰ আলসুৱা তাৰ।
সি গাঁওখন ইমানযে ভাল পায়, কিন্তু দেউতাকৰ চাকৰিৰ বাবেই সোনকনে কেৱল চাৰিবেৰৰ মাজত সপোনবোৰ আৱদ্ধ হৈ আছে।
সি মাকক কলে মা ব’লা না গাওঁলৈ যাঁও। দেউতাক কোৱা মই ভালকৈ পঢ়িম স্কুল ক্ষতি নকৰো অংকবোৰ ভালকৈ কৰিম এবাৰ মোক গাঁওলৈ লৈ যোৱানা এবাৰ বিহু চাম হুচৰি গাম মই যে কালি ৰাতি দেখা সপোনটো সচাঁ কৰি দিয়ানা অ মা…….
পুনৰ নতুন কাহিনীৰে লৈ আহিম চেংকন।
ইতি
তোমালোকৰ
মৌ মাহী