শিলিখা বাৰীৰ ভুত (১ম খণ্ড)
মিনি আৰু জান দুই ভনীয়েক একেখন পঢ়াশালিতেই পঢ়ে। দুয়ো ভনীয়েকে নৈৰ পাৰে পাৰে খোজ কাঢ়ি সদায় পঢ়াশালিলৈ যায়। বাটে বাটে ঔ টেঙা জলফাই বুটলি গোটেই বাটে বাটে খাই যায়।
সিদিনা হবলা শনিবাৰ আছিল, পঢ়াশালি সোনকালেই চুটি হয়। সেইবাবে মিনিয়ে জানক কলে, অ জান বাই আজি পঢ়াশালিলৈ নাযাঁও দে না এনেও সোনকালে চুটি হ’ব।
জান আৰু মিনি সিদিনা নদীৰ পাৰে পাৰে গৈ হাবিয়েদি বাট ললে। মুঠতে সিহঁত আজি পঢ়াশালিলৈ নাযায়।
জানে তেতিয়া কলে, ঐ মিনি কিতাপৰ বস্তাটো লৈ নৈখন কেনেকৈ পাৰ হওঁ? তেতিয়া মিনিৰ মূৰত এটা বুদ্ধি খেলিলে।
ঐ জান বাই ব’ল কিতাপৰ বস্তা কেইটা তেতেলীজোপাৰ কাষত থকা খালী মাটি দৰাত খেৰ জাপি লুকুৱাই থৈ যাওঁ।
অ, ভাল মনত কৰিছ, ব’ল
এইবুলি কৈ দুয়োজনীয়ে আগবাঢ়ি গ’ল ভবামতেই খেৰৰ মাজত কিতাপৰ বস্তা দুটা লুকুৱাই দুয়ো নৈখন পাৰ হৈ সিটো পাৰৰ শিলিখা কেইজোপাৰ কাষ পালে।
দুয়ো আপোনমনা হৈ শিলিখাজোপাৰ সন্মুখতেই খেলি আছিল কিন্তু হঠাৎ শিলিখা জোপাৰ পৰা সৰি পৰিল এটা প্ৰকাণ্ড বস্তুু! কিন্তু কি এইবিধ? দুয়ো আচৰিত!
( কি হ’ব পৰৱৰ্তী সময়ত? শুনিবলৈ আৰু পঢ়িবলৈ নাপাহৰিব অহা দেওবাৰে চেংকন)