ঐ মৌকন শহাটো জাংফাইহঁতৰ বাৰীৰ পিছফাললৈ লৰ মাৰিছে । ভদ কাই অ ভদকাই শহাটো ধৰচোন পলাব এতিয়া। ক’ত শুনিব, ভদ কাইয়ে ইফালে কাণেৰেই কম শুনে । বেচেৰা লৰা-ছোৱালী কেইটা ইমান ফুৰ্টি পাইছিল শহাটোক দেখি এতিয়া মনবোৰ সেমেকিলে সিহঁতৰ । গোটেই কেইটাই বৰগছডালৰ তলতেই আমন জিমনকৈ বহি আছে । তেনেতে বৰলা কাই ঠেহ পাতি যোৱা গুনগুনক লৈ আহি সিহঁতৰ কাষতেই মনোহৰৰ দোকানৰ সন্মূখৰ চাংখনত বহি সিহতঁক কলে , ‘আহ মনবোৰ বেয়া নকৰিবি মই তহঁতক এটা ধুনীয়া কাহিনী ক’ম । প্ৰথমে গোটেই কেইটাই অমান্তি হৈ কৈছিল ‘ককা তুমি আমাক শহাটো পাহৰিবলে ফুচুলাইছা, আমি জানো নহয় …। সি আহিব ঘূৰি তহঁতে মৰম দিছ বুলি সি জানিছে নহয়। কথাষাৰ শুনিয়ে মৌকনে কলে সচাই ককা ? হয় অ পোনা শুন, আমাৰ বাবী পেহীয়েৰহঁতৰ কাষৰ ঘৰটোত সদায় এটা মেকুৰী পোৱালী অহা হৈছিল,মোৰ নাতিলৰা বিভুৱে সদায় তাক বিস্কুট দিছিল । সদাই পুৱা সি পঢ়াশালিলৈ যোৱাৰ আগে সি আহে আমাৰ বিভুৱে তাক বিস্কুট দিয়ে । বৰষাই সুধিলে তাৰ নাম কি আছিল ককা ? অ,তহঁতক তাৰ নামটো কোৱাই নাই নহয়, বিভুৱে মেকুৰীটোৰ নামটো চিফুং থৈছিল। ওৱা! বৰ ধুনীয়া নাম দেই ৰুনজুন আমিও শহাটো ঘূৰি আহিলে চিফুং নাম দিম দেই । ককা তাৰ পাছত কি হলনো ?চিফুঙক বিভুৱে ঘৰলৈ কিয় নানে ককা ?
এদিনাখন আমাৰ বিভুৱে চিফুঙক বিস্কুট দিবলৈ গৈ দেখিলে চিফুং নাই …পিছদুনাখনো সি নাহিল । দুই তিনিদিন পিছত বিভুৱে মইনামেলৰ পৰা আহি থকা বাটতে চিফুঙক তাৰ মাকৰ লগত খেলি থকা দেখিলে । ইচ ৰাম তাৰ পাছত ?(গুনগুনৰ প্ৰশ্ন) সি দৌৰি যাবলৈ লওতে মাকে তাক মানা কৰি কলে , বিভূ কাইলৈ যদি তোক আমাৰ কাষৰ বানী জেঠাইয়ে তেওঁলোকৰ ঘৰলৈ লৈ যায় তই মোক এৰি থাকিব পাৰিবি ?
(বিভুৱে অকনমান সময় ভাবি কলে ) মা মই জেঠাইহঁতৰ তাত মিকু দাদাৰ সৈতে খেলিবলৈহে যাওঁ ৰাতি থাকিবলে ভয় লাগে সিহঁতৰ বাৰীৰ পিছফালৰ পুখুৰীটোত হেনো বাক আছে ।
ঠেট লৰা বাক কতো নাই ,এতিয়া বুজিলি মোক এৰি তই সৌ জেঠাইহঁতৰ তাতেই যাব নোৱাৰ তেন্তে চিফুঙক কিয় মাকৰ কাষৰ পৰা আনিব গৈছিলি ? সি তোক লগ পাবলৈহে আহে । একেবাৰে যদি তাক লৈ আন মাকে কেনেকৈ থাকিব ?
অ, মা আজিৰ পৰা মই চিফুঙক জোৰকৈ নানো । তাৰ মাকে দুখ পাব নহয় । সি নাহিলে মই ৰৈ থাকিম ।
এয়াহে ভাল লৰা। এইবুলি কৈ মাকে তাক লৈ গ’ল । গতিকে বুজিলি মৌকনে পোৱা শহাটোৰো মাক আছে সিও হয়তো মাতক ওচৰলে গ’ল , অ যদি সি অকলশৰীয়া তেতিয়া সি নিজেই আহিব , তহঁতৰ লগ ল’ব বুজিলিনে ? বুজিলো ককা আমি আৰু জোৰকৈ তাক বাকচত ভৰাই নাৰাখো। যদি সি নিজেই আহে আমি তাক খাব দিম খেলিম ।
ৰংমনৰ কথাত সকলোৱে হয়ভৰ দিলে ।
পিছদিনা সকলোৱে আকৌ পঢ়াশালিৰ পৰা আহি পথাৰলৈ খেলিবলৈ গৈ দেখিলে সিহঁতৰ শহাটোৱে ইফালৰ পৰা সিফাললৈ দৌৰি খেলি আছে । তাকেই দেখি তাৰ পিছে পিছে গুনগুন হতেও খেলিবলৈ ধৰিলে আৰু সকলোৱে শহাটোক একেষাৰে মাতিলে চিফুং আহ আহ…….(মইনাহঁত তোমালোকে পঢ়িলা চিফুং , অহা দেওবাৰে পুনৰ আন এক কাহিনীৰে লৈ আহিম চেংকন..)
ইতি ,
তোমালোকৰ
মৌ মাহী