ঐ চেং আহ আকৌ পলম হ’ল। অংকৰ ছাৰে এচাৰি লৈ ৰৈ আছে । ঐ বালু মই নাযাঁও। ৰাতি অংক কেইটা কৰি থবলে পাহৰিলো, এতিয়া মনোহৰ মাষ্টৰে পিঠিত যিটোহে কোব দিব মই নাযাঁও পায়।
এয়া নামচেং, গাওঁত সকলোৱে তাক চেং বুলিয়ে মাতে, নামচেঙৰ নলেগলে লগা বন্ধু পবন তাক সকলোৱে বালু বুলি মাতে। বৰ সৰলমনা দুয়ো । মনোহৰ নামৰ অংকৰ মাষ্টৰটোৰ বাদে যেন বাঘ এটাকো ভয় নকৰে। গাওঁখনত কিবা এটা উৎপাত হলেই ইহঁত দুয়োটাৰ এটা বুলি ধৰি থৈ দিয়ে য়, ইপিনে সেই দুষ্টামিটো সিহতে কৰকেই বা নকৰকেই।
নামচেঙৰ ভয় দেখি বালুৱে কলে, ” তেনেহলে ময়ো নাযাঁও দে…! কোব কেইটা খাব মোৰো মন নাই। ব’ল তেনেহলে বলুকা হতঁৰ বাৰীৰ পাছফালে মাছ ধৰোগৈ । অ ব’ল ব’ল, এইবুলি কৈ সিহঁত দুয়ো গলগৈ।
দুয়ো পঢ়াশালি নগৈ পাছফালৰ বাটেৰে মাছ ধৰিবলৈ গ’ল। আৰু সম্ভৱ ৫০ টা মান খোজ দিয়াৰ পাছতেই কেকুৰী এটা পাব, সেই কেকুৰীটো পাৰ হৈয়ে এটা পুখুৰী পাব সেই পুখুৰীটোতেই ইহঁত দুয়োতেই মাছ ধৰিব। বৰ ফুৰ্তি দুয়োৰে। পিছে অকণমান বাট খোজ কাঢ়িয়ে সিহতে বাটত এটা চৰাই আধা মৰা হৈ চটফটাই থকা দেখিলে। “চেং চাহি এইটো শালিকী” দৌৰি আহি চেঙে চাই কলে “অ ই চোন মৰি যাব এতিয়া, ব’ল লৈ যাওঁ আমি ঘৰলৈ… দুয়ো মিলি শালিকী জনীক কোচত লৈ ঘৰলৈ আহিল।
আহি থাকোতে বালুক মোমায়েকে বাটত লগ পাই ঘৰলৈ লৈ গ’ল। বাটে বাটে গালি। ” ঐ তই পঢ়াশালিলৈ নগৈ ইয়াত ঘুৰি ফুৰিছ যে? ৰহ, আজি তোক!
বালুৰ মোমায়েকৰ খং দেখি নামচেঙে পোনে পোনে ঘৰলৈ বাট ললে। লগত শালিকীজনী।
নঙলামুখৰ পৰাই চেঙে মাকক মাতিলে, অ মা, চাচোন মই কি পালো…
অ, ৰচোন ৰ, তই পঢ়াশালিৰ পৰা আহিলিয়েযে? ৰ’বা সেইটো পিছত ক’ম এয়া চোৱাচোন শালিকী জনী কেনেকৈ দুখ পালে কি কৰো এতিয়া তেজ ওলাইছেচোন, তেনেতে মাকে, ৰ ৰ মই কিবা আনিছো বুলি ভিতৰলৈ সোমাই গ’ল….. (এতিয়া কি হ’ব পঢ়াশালিলৈ চেঙ যে যোৱা নাছিল মাকে গ’ম পালেনে?শালিকী জনী ভাল হৈ উঠিবনে? জানিবলৈঅহা দেওবাৰে পঢ়িবলৈ নাপাহৰিব চেংকন)