হু ল, এয়া হালধি অকণ পিচি আনিছো তাৰ ভৰিটোত লগাই দিও মই চাওঁ ভাল হ’ব ৰ,
অ মা, ই ভাল হৈ উঠিলে আমাৰ বাৰীৰ পিছফালে এৰি দিম তাত থাকি ভাল পাব নহয়?
সেইবোৰ পিছে পৰে হ’ব তই মোক কথা এটা ক’ এই পঢ়াশালিলৈ কিয় নগলি?
এতিয়াহে চেঙে ভয়ত ক’ব নোৱাৰা হ’ল। ভয়ে ভয়ে কলে, মা….. মানে মই আমি যাম বুলি ভাবিছিলো কিন্তু, কিন্তু মই নোৱাৰিলো।
হেৰৌ কিহে পাইছে তোক আমি পিছে এইবোৰ কি গাইছ? কিয় নগলি চিধাই ক’,
মাকৰ ভয়তে সি লাহেকৈ ক’লে, মা…. মই অংক টান পাওঁ, ছাৰে বৰকৈ পিটে।
অ, নোৱাৰিলে পিটিবই তই অকণমান জোৰ দিবি পঢ়াত।
এইবুলি কৈ মাক ভিতৰলৈ সোমাই গ’ল…
চেঙে ভাবিলে মায়ে বাৰু বাবাক কৈ দিব নেকি?
ভয়ে ভয়ে সন্ধিয়া পঢ়া টেবুলত বহিলে,, এনেতে পিৰালীৰ পৰা মাকে গুনগুনাই থকা শুনিলে,
” অ ফুলপাহ হালিছ জালিছ, অ ফুলপাহ কি কথা পাতিছ” মাকে কাষতে ধিমিক ধামাক চাকিৰ পোহৰত এৰাৰ পাজি কাটি আছে,
সি আহি কাষতে বহিলে, বহি আকাশখনলে চাই কলে, অ, মা এই তৰাবোৰ কৰ পৰা সদায় ৰাতি আমাৰ ঘৰলে আহেনো?
অ আই, এই তৰা কেইটা বালুহঁতৰ তাত বলুকাহঁতৰ তাত চবতে আছে আকৌ,
এই আকাশখন আমাৰ সকলোৰে বুজিছ?
নাই নাই একো বুজা নাই,
এয়া সৌৰজগতৰ কথাবোৰ পঢ়িলে বুজি পাবি, পপীয়া তৰা, ভোটা তৰা, এইবোৰ কি তহতৰ কিতাপবোৰতেই লিখা থাকিব।
মা, ককা- আইতা হত বোলে তৰা হৈ আছে?
আছে আছে,
চেঙে আকৌ কলে,
মা মই তৰা বোৰৰ ওচৰলে যাবলে কি পঢ়িব লাগিব? অংক পঢ়িব লাগিব নেকি?
বোপা চেং, তই গোটেই কিতাপবোৰ ভালকৈ পঢ়িব লাগিব।
বাবা, আপুনি?
হঠাৎ বাবকৰ মাত শুনি উচপ খাই উঠিল চেং!
তই অংক ছাৰলে ভয় কৰ, ঠিকেই আছে কিন্তু পঢ়াবোৰ নিয়মিত কৰিলে তোক কোনেও নিপিটে নহয়।
সেই আকাশৰ তৰাবোৰনো কত আছে চন্দ্রটোনো কি, তই তালৈ কেনেকৈ যাবি সেয়া চব বুজি পাবি।
মাত্ৰ তাৰ কাৰনে তই সদায় পঢ়াশালিলৈ যাব লাগিব, পঢ়িব লাগিব।
বাবা মা, মই আৰু কেতিয়াও পঢ়াশালিলৈ নোযোৱাকৈ নাথোকো সদায়ে যাম, এনেতে শালিকীটোৱে ডেউকাখন জোকাৰি দিলে, চেঙে কিৰিলি পাৰি ক’লে, মা চোৱা মোৰ চৰাইটো ভাল হৈ গ’ল। (মইনাহত তোমালোকে পঢ়িলা, ডেউকা। অহা দেওবাৰে পুনৰ লৈ আহিম এটা নতুন কাহিনী)
ইতি তোমালোকৰ
মৌ মাহী