ৰাঙী গছৰ পৰা বৰ বেয়াকৈ মাটিত পৰিল। সেই সময়খিনিত ভয়তে তাই কলে,নাই নাই কতো দুখ পোৱা নাই। তেনেতে গোটেইখিনিয়ে দুপৰীয়া চক্তিমান চাবলৈ লৰ মাৰিলে।
তেনেতে তৰালি আৰু বেনুৱে কলে ব’ল আমি তোক থৈ আহো, দুয়োৱে ৰাঙীক থবলৈ হাবিৰ কাষেৰেই বাট ললে। তেনেতে ৰাঙীয়ে আধা বাটতে কলে তহতে কিন্তু মাক একো নকবি আমাৰ ভাইকনে যাতে গম নাপায় মই যে গছৰ পৰা পৰিলো।
অ, ই হবনে আমি নকওঁ। ৰাঙীক ঘৰত থৈ সিহত দুয়ো গলগৈ।
মাকে যতৰত সূতা কাটি আছে, ৰাঙী মনে মনে ভিতৰলৈ সোমাই যাব লওতেই মাকে মাতিলে,
ঐ ক’ত গৈছ ৰহ।
ক’ত আছিলি ইমান সময়?
মা,মা নামাৰিবি মই তৰাৰ লগত খেলি আছিলো?
হয়নে ,মই কালি মানা কৰিছিলোনে ঘূৰি ফুৰিব? আজি নোৱাৰ, চক্তিমান চাব যাব। গা পা ধুই ল,আমি মিনু বাইহতৰ তাত যাম, সিহঁতৰ কনমাইৰ আজি অন্নপ্ৰসন্ন ।
ইপিনে ৰাঙীৰ ভয়, মিনুবাইহঁতৰ ঘৰতটো মাখন হতো আহিব , গছৰ পৰা পৰি যোৱা কথাটো যদি সিহতে কৈ দিয়ে । নগলেও বিপদ গলেও বিপদ ।
ইপিনে ৰাঙীৰ হাতখন লাহে লাহে বিষাবলৈ ধৰিছে । তথাপি বিষ পাহৰি ৰাঙী ওলাল মিনু বায়েকহঁতৰ ঘৰলৈ ।
সন্ধিয়া দেউতাক আৰু ভাইকনো আহি পালে , ৰাঙীয়ে হাতখনৰ বিষতে কাৰো লগত কথা নপতাকৈ শুবলৈ গ’ল ।
মাজৰাতি ৰাঙীৰ হাতখনৰ প্ৰচণ্ড বিষ উঠিল , ইপিনে মাকক কবও নোৱাৰে , হাতখন বৰ বেয়াকৈ ফুলিও গৈছে । উপায় নাপায় ৰাতিপুৱালৈ বিষ সহ্য কৰি বাগৰি থাকিল ।
মাকে ৰাতিপুৱা কলে ৰাঙী চাওঁ তোৰ হাতখন , ফুলি গৈছে যে , কি হৈছে ? কেনেকৈ হ’ল সচাই কবিনে ইমান বেয়াকৈ হাতখনত ক’ত দুখ পালি ?
কবিনে আকৌ দেউতাৰক ক’ম ?
তেনেতে ৰাঙীয়ে কান্দি কান্দি কলে , মা কালি মই ….বৰুণ গছত ওলমি থাকোতে পৰিলো ।
মাকে প্ৰচণ্ড খঙতে কলে , কি কলি তই ?গছত উঠিছিলি ? তোক মই বুজাই বুজাই নোৱাৰিছো এই ছোৱালীজনীয়ে মোক খাই মাৰিব ।
মা এতিয়া কি কৰো বিযাইছে । তেনেতে মাকে ভাইকনক মাতিলে ,ভাইকন মলুৱাকাইক মাতি আনগৈছোন বাইটিয়ে হাতখনত দখ পাইছে জৰা-ফুকা কৰিব লাগে বুলি কগৈ যা…।
ভাইকনে দৌৰি গৈ মলুৱা কাইক মাতি আনিলে । গাওঁখনৰ সৰু সুৰা বেমাৰবোৰ ভাল কৰে এই মলুৱা কাইয়ে ।
আহিয়ে ৰাঙীৰ হাতত হালধি সানি অলপ জৰা-ফুকা কৰি কলে , আই ভাল হৈ যাব দেই দৌৰি নুফুৰিবি এতিয়া ।
তেনেতে মলুৱা কাইলৈ মাকে চাহ আনিলে , তাৰ পাছত কলে , এইজনীয়ে মোক বৰকৈ চিন্তাত পেলাই অ, দিনৰ দিনোটো অলৌ টলৌকৈ ঘূৰি মোক চিন্তাত পেলাই ।
তেনেতে ৰাঙীয়ে কলে মই আৰু গছত উঠিবলৈ নাযাও মা তই চিন্তা নকৰিবি ।
বুজি পাইছ যদিটো ভালেই , হেৰৌ দেউতাৰে তহঁতলৈ ইমান কষ্ট কৰে কথাবোৰ শুনিবি আকৌ । হ’বদে আজি পঢ়াশালিলৈ যাব নালাগে , মইয়ে ভাইকনক আগবঢ়ায় আহিম ।
এইবুলি কৈ মাকে ভাইকনক লৈ ওলাই গ’ল ,কাষে কাষে মলুৱা কাই । ৰাঙীয়ে পিৰালীতে বহি সিহত যোৱাৰ ফালে চাই থাকিল ।..
( মইনাহঁত আজিলৈ বিদায় ললো দেই , অহা দেওবাৰে পুনৰ লৈ আহিম এটা নতুন কাহিনী …)
ইতি,
তোমালোকৰ
মৌ মাহী …