আজৈ কাঞ্চন ( ১ম খণ্ড)
ঐ ভাগী যোৱা নিশা মনিহঁতৰ কাঞ্চন হেৰাল। কি? আমি এতিয়া কাৰ লগত খেলিম? বগীও দেখোন অকলশৰীয়া হ’ব? মাধুৱে বৰ দুখ পাব। ৰবিচোন জান দাদাই বিচাৰি আনিব ময়ো মামনি বাহঁতৰ বাৰীৰ পিছফালে চাই আহিছো।
কাঞ্চন ভাগীহঁতৰ গৰু পোৱালীটোৰ নাম জন্ম হোৱা ২০ দিনমান হৈছে হবলা, চুবুৰীৰ গোটেই কেইটাৰে মৰমৰ, তাই জন্মদিন হোৱাৰ দিনা ভাগীয়ে গোটেই গাওঁখনতেই চিঞৰি ফুৰিছিল, আইতাকে পোৱালী জনীৰ নাম দিছিল কাঞ্চন।
মুগা ৰঙৰ গাটোৰ বৰণ, চকু দুটা ইমান উজ্জ্বল। বাওঁফালৰ কানখন বগা পেটত তুলসীৰ দাগ এটা আছে। মাকৰ পিছে পিছে ইমানযে মৰমলগাকৈ দৌৰি ফুৰে।
পিছে কাঞ্চনক পুৱাৰে পৰা ভাগীহঁতৰ ঘৰৰ কোনেও কতো বিচাৰি পোৱা নাই।
খবৰটো শুনিয়ে গোটেই লৰা ছোৱালীখিনি ভাগীহঁতৰ ঘৰলৈ ঢাপলি মেলিলে।
ভেবাই কলে, মই কালি সন্ধিয়া ধিতিকনহঁতৰ ঘৰলৈ যোৱা কেকুঁৰীটোত কাঞ্চনক মাকৰ লগত দেখিছিলো।
তেনেতে জিলিয়ে কলে, অ, অ আমাৰ সৰুমইনায়ো হেনো দেখিছিল।
ভাগীৰ আইতাকৰ বৰ দুখ, কাঞ্চনক বৰ মৰম কৰিছিল আইতাকে।
আইতাকে খঙে দুখে কলে, এ ৰহচোন এনেয়ে দেখোন গোটেই কেইটাই ঘূৰি ফুৰ গৰুজনীৰ পিছে পিছে কালিনো ক’ত গ’ল গমেই নাপালিনে ?
এনেতে বানীয়ে কলে, আইতা পূজাহতঁৰ গোহালীত চাই আহো নেকি? সিহঁতৰ মনিমালাজনীৰ লগত আছে যদি?
মই সেইবোৰ নাজানো, বছৰেকৰ বিহুটি দুৱাৰমুখত ইপিনে মোৰ গৰুজনীয়ে নাই।
তেনেতে ভাগীৰ মাকে মাত দিলে, ৰ’ব আই ভাগীৰ দেউতাক গৈছে জানৰ পাৰৰ পথাৰলে কালি হেনো এবাৰ সেইফালে গৈছিল ।
আপুনি কিবা এটা খাই লওঁকহি।
তেনেতে লুটুকন দৌৰি আহি কলে ঐ ভাগী গৰুজনী তহঁতৰ খুড়াই বিচাৰি নাপালে…
লগে লগে আইতাকৰ গালি, হেৰৌ ইমানকৈ টেটু কিয় ফালিছ যদি বিচাৰিয়ে পোৱা নাই।
তেনেতে কান্তাই কলে ব’ল ভাগী, জিলি আমি চবেই গোটেই গাওঁখন বিচাৰো কৰবাত নহয়তো কৰবাত থাকিব কাঞ্চন…..
ব’ল ব’ল লাগিলে আজি বিহুৰ আখৰালৈ নাযাওঁ সোণটি মাহীক কৈ থ’ম ঢোলটো দধীৰ দোকানৰ বেঞ্চতেই থৈ অহা কথা। বাৰু ব’ল ব’ল……
(গোটেই জাকটো ওলাল কাঞ্চনক বিচাৰি … বিহু আখৰা কাঞ্চন… আইতাকৰ খং এই সকলোবোৰৰ শেষত কি হয় আমি গম পাম অহা খণ্ডত)
ইতি
তোমালোকৰ
মৌ মাহী