ফাগুনৰ এটা দুপৰীয়া এটি অকনমানি মৰমলগা পজাঁৰ আগফালে ৰাঙীৰ মাকে তাঁত বয় আছে, চোতালত ৰাঙীয়ে কুট-কুট খেলি আছে। তেনেতে মাকে জোৰকৈ চিঞৰি কলে,
ঐ ৰাঙী তই গা ধুব গলিনে নে ফলা খৰিৰ কোব কেইটালৈ ৰৈ আছ? আৰু পুৱাৰে পৰা যে ভাইকন নাই তোৰ খবৰ আছেনে?
মইচোন কালি গা ধুইছিলো আজিনো আকৌ কিয় ধুব লাগে কিবা!
হয়নে মই এতিয়া নামঘৰলৈ যাম খৰধৰকৈ গাটো ধুই ভাইকনক বিচাৰি আনগৈ যা।
ঠিক আছো গৈছো বাৰু।
এয়া সুন্দৰপুৰ গাঁৱৰ ৰাংঢালী। দেখিবলৈ সাইলাখ পুতলা। ৰঙচুৱা মৰাপাটৰ দৰে চুলি ,বগা গাল দুখন ৰদত জিলিকি ৰঙা হৈ পৰে সেয়ে গাঁৱৰ সকলোৱে তাইক ৰাঙী বুলি মাতে।
ৰাঙী আৰু ভাইকন মাকৰ বৰ মৰমৰ। দেউতাকে চহৰৰ কাছাৰীৰ সন্মূখতেই এখন সৰু দোকান দি চলি আছে।
মাকৰ ৰাঙীলৈ বৰ চিন্তা! গোটেই গাওঁখনতেই অলৌ টলৌকৈ ঘূৰি ফুৰে তাই, লগত ভাইকন।
ভাইকন ঘৰ আহি পোৱাৰ লগে লগে মাকে আগচোতালৰ ফলাখৰি খিনিৰ পৰা এডাল খৰি আনি যিকেইটাহে কোব দিলে, তাকে দেখি ৰাঙীয়ে দৌৰা দৌৰিকৈ কিতাপ খন উলিয়াই পঢ়া আৰম্ভ কৰিলে..
“এটুপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ’ল বহল সাগৰ।
কণ কণ বালি চাঁহী
ইটে সিটে লগ লাগি,
সাজি দিলে ধৰণী ডাঙৰ ।”
বেচেৰা ভাইকনে খুব কান্দিলে। মাকে তাক টানি নি দমকলৰ পাৰতেই বহুৱাই হাত ভৰি ধুৱাই দিলে।
এই ধূলিৰ দিনত তোক মই ঘূৰি ফুৰিবলৈ মানা কৰোনে? কলৈ গৈছিলি?
মই গীতুহতঁৰ তাত মাৰ্বল খেলি আছিলো। গীতুৱে মোক জোৰকৈ হাবিৰ বাটৰ আমজোপা চাবলৈ নিছিল। বহুত ফুল ফুলিছে । এইবাৰ ঠিকছে আম খাম।
এনেতে ৰাঙীয়ে মাত লগালে, ঐ ভাইকন তই ভুত থকা হাবিলৈ গৈছিলি? আজি ৰাতি শুবি আৰু তই, ক’লা জখিনী আহি তোৰ ভৰি চোচৰাই বগীজানত দলিয়াই দিব।
ৰাঙীৰ কথা শুনি ভাইকনে আকৌ কান্দিবলৈ ধৰিলে
। এনেতে মাকে কলে দেউতাৰে আহি যাতে তহঁত দুয়োকে পঢ়ি থকা দেখে, মই নামঘৰলৈ যাওঁ সোনটি দাদাৰ মেট্ৰিক পৰীক্ষা আছে নহয় বৰমাৰে শৰাই দিছে মই তহঁতলে বুটমাহ আনিম।
মা মই বাইটিৰ লগত নাথাকো ময়ো যাম তাই মোক জখিনীৰ ভয় দেখুৱাই লেমটো নুমুৱাই দিয়ে।
ৰহ, মই আহি লওঁ দেউতাৰক আজি মই তহঁতৰ অতপালি জনাই আছো। ব’ল মোৰ লগতেই ব’ল আৰু ৰাঙী কিতাপ পঢ়গৈ যা লেমটো জ্বলাই থৈ গৈছো মই।
এনেতে মাক আৰু ভাইকন ওলাই গ’ল। বেলি ডুবি আন্ধাৰ হৈছে মাত্ৰ এনেতে নঙলা খুলাৰ শব্দ শুনি ৰাঙীয়ে দেউতা আহিলা বুলি বজাৰৰ মোনা খন এহাতে লৈ নানান কথা কলে। দুই ভায়েক ভনীয়েকৰ এই মোনাখনতেই যেন থাকে ক’ত কি সপোন, দেউতা মাটি পেঞ্চিল আনিছানে? এইটো মৰ্টন মইহে খাম ভাইকনে বাদাম খাব,
জানানে দেউতা আজি ভাইকন জখিনী থকা হাবিলৈ গৈছিল, এতিয়া ৰাতি যদি আমাৰ ঘৰত জখিনী আহে ইত্যাদি অনৰ্গল কথা…
ভাগৰুৱা দেউতাকে হাঁহি হাঁহি কলে ৰ, মই হাত মুখ কেইটা ধুই লওঁ। তাৰ পাছত তোৰ সেই জখিনীৰ সাধু শুনিম।
দেউতাক মজিয়াত বহি আছে। ৰাঙীয়ে লেমটো আনি দেউতাকৰ কাষতেই ঢৰাখন পাৰি লিখা-পঢ়া কৰি আছে।
ঐ বাইটি আমি আমি আহিলো, ভাইকনৰ মাত, মাকে আহিয়েই পাকঘৰলৈ গৈ লৰালৰিকৈ দেউতাকলৈ চাহ কৰাত লাগিল।
ভাইকনে আহিয়ে শুধিলে দেউতাই অনা মৰ্টন অকলে খালি ন তই?
নাই খোৱা মই মই, নহয় তই খাইছ, নাই খোৱা বুলি কলোনে দুয়োৰে মাজত আকৌ লাগিল যুজঁখন তেনেতে মাকে চিঞৰি কলে, দুয়োৱে যদি আৰু কাজিয়া কৰ নহয় কাইলৈ বন্তীহঁতৰ তাত ছক্তিমান চাব যাম বুলি কবিচোন এটাকো নিদিও যাব ঘৰতেই সোমাই থাকিব লাগিব।
মাকৰ কথা শুনি ভাইকনে লৰ মাৰি গৈ কিতাপখন আনি পঢ়িলে,
অকণে আনে অনিতা, আমিনাই আনে আম
তেনেতে দেউতাকে কলে হেৰৌ অকনে অনিতা নানে অ অমিতা আনে। এইবুলি কৈ গোটেই কেইটাই হাঁহিলে।
এই পজাটিৰ মৰমলগা সুখবোৰ এনেকুৱাই।
পিছদিনা পোৱা ভাইকন আৰি ৰাঙীৰ খুব ফুৰ্টি আজি দেওবাৰ, মইনামেললৈ যাব ছক্তিমান চাব, ৰঘু ককাকৰ পুখুৰীত মাছ মাৰিবি আৰু যে ক’ত কি!
এনেতে তৰালীয়ে মাত লগালে, ঐ ৰাঙী, ৰাঙী আহচোন, তৰাৰ মাত শুনি ৰাঙী মাকক একো নোকোৱাকৈ লৰ দিলে। ইফালে ভাইকনেও গৈ দিলে মাকক লগাই।
অ মা বাইটি, তৰা বাইৰ লগত কৰবালৈ গ’লগৈ মোক হ’লে নিনিলে।
এই ৰাতিপুৱাই এই ছোৱালীজনীৰ ওলাবলৈ হলেইনে, ৰহ আহঁক আজি!
ভাইকনে মাকক বায়েকৰ কথা লগায় দেউতাকৰ চাইকেলত উঠি গ’লগৈ দেউতাকে দেওবাৰে হাটত খৰাহি, পাচি আদি বিক্ৰী কৰিবলৈ উলাই যায়।
ইপিনে ৰাঙী, মুনা, কাজলী, বেনু, ভদিয়া, মাখন আৰু নিলয় গোটেই কেইটাই লুকা-ভাকু খেলি আছিল হাবিৰ বাটতোৰ গছকেইজোপাৰ তলতেই খেলি আছিল।
সকলোৱে নিজ নিজ ঠাই বিচাৰি লুকাবলৈ আৰম্ভ কৰিলে, এনেতে ৰাঙীয়ে বৰুন গছডালতেই উঠি দিলে।
মাখনে সকলোকে বিচাৰি পালে ৰাঙীক নাপায় শেষত কলে, ৰাঙী ওলাই আহ মই আকৌ এবাৰ চোৰ হম। তেনেতে গছৰ ওপৰৰ পৰা ৰাঙীয়ে মাত লগালে, এয়া মই…
বান্দৰৰ দৰে ওলোটা হৈ ওলমি দেখুৱাইছে ভৰি দুখন ওপৰলৈ দি হাত দুখন এৰি খেল দেখুৱাইছে, সকলোৱে খুব ফুৰ্টি পাইছে।
চা, পাৰিবি দেখিছ মোৰ নিচিনা পাৰিবি?
এনেকৈয়ে ওলমি থাকোতে হঠাৎ গছজোপাৰ পৰা বাগৰি মাটিত পৰিল ৰাঙী!
( ৰাঙীৰ কি হ’ল? ক’ত দুখ পালে? লগৰবোৰে ৰাঙীক ঘৰলৈ নিলেনে? মাককতো ৰাঙীয়ে কৈ অহা নাছিল! কি হ’ব এতিয়া? জানিবলৈ অহা দেওবাৰে পুনৰ আহিম দ্বিতীয় খণ্ড লৈ….. তেতিয়ালৈ ভালে থাকা।)
ইতি,
তোমালোকৰ
মৌ মাহী