ৰুনজুন, গুনগুন, বৰষা পাৰিজাত,মৌকন ৰংমনহতৰ আজি সাতখন আঠখন গা। ৰাতিপুৱাৰেপৰা পিৰালীত বহি অইন দিনাৰ দৰে কুঁহিপাঠখন লৈ কবিতা পঢ়া নাই , পাৰিজাতৰ মাকেও আজি চেকনীডাল লৈ ‘পৰি পঢ়িছনে জোৰকৈ পঢ় মই পাকঘৰৰ পৰা শুনা পোৱাকৈ পঢ়।’ বুলি ধমকিও দিয়া নাই। সদায় হোৱাৰ দৰে আজি হোৱা নাই কিয় বাৰু ? কাৰন আজি দেওবাৰ । দেওবাৰ বুলিলেই যে, উচাহ উলাহত গুনগুনহতৰ মনবোৰে কমোৱা তুলা হৈ উৰে । তাতে আকৌ এতিয়া ফাগুনৰ বতৰ ।
আজি দেওবাৰ,ৰুনজুনহতৰ ঘৰলৈ যোৱা বাটতোৰ পশ্চিম দিশে এটা তিনিআলি আছে সেই তিনিআলিটো পাৰ হৈ এডোখৰ ঠাইত এটা মৌকনে হেনো কিবা এটা দেখিছে বাকীখিনিকো সোনকালে মাতি পঠাইছে । সেই কথা শুনিয়ে আজি গোটেইকেইটাৰ মনত কৌতুহল । কি বা আছে ? কি বা দেখিছে সি ?
বৰষা আহি গুনগুনৰ ঘৰ পালেহিয়েই ইফালে ৰংমনক মাকে ভাত নোখোৱাকৈ কলৈকো যাব নিদিয়ে। বেচেৰাই মজিয়াত ৰৈ ৰৈ আমনি পাইছে । ইপিনে ৰুনজুনে বাকীখিনি আহিব আহিব বুলি পদূলিত বোন্দাপৰ দিছে ।
অৱশেষত গোটেই কেইটা আহি তিনিআলিটোত লগ হ’ল । বৰষাই ক’ব নোৱাৰা হৈ দৌৰি বাটতো পাৰ হওঁতে শিলত উজুতি খাই ইমানেই জোৰকৈ পৰিলে বাকী কেইটাই ভাবিলে আজি আৰু মৌকনক লগ পোৱাও নহ’ব দেওবাৰৰ খেলবোৰ খেলাও নহ’ব । কিন্তু আচৰিতভাৱে ইমান জোৰকৈ উজুটি খাই পৰাৰ পাছতো বৰষা থিয় হৈ কবলৈ ধৰিলে ‘মোৰ একো হোৱা নাই অ, ব’ল মৌকন ৰৈ আছে ।’
তিনিআলিটো পাৰ হৈ নন্দৰ দোকানৰ পৰা বাদাম ভুজিয়া কিনি গোটেইকেইটা পথাৰৰ পিনে ৰাওনা হ’ল । মৌকনে ক’লে তহঁতবোৰে এতিয়া আগুৱাই নাহিবি চকু মুদি ১০ লৈ হিচাপ কৰ মই আহি আছো । ২ মিনিট মান পিছতেই মৌকনে এটা চেণ্ডেলৰ বাকচত শহাপহু এটা লৈ আনিছে । গোটেই কেইটাই ফুৰ্টিতে কিৰিলি পাৰিলে । পাৰিজাতে ক’লে ইয়াৰ নাম আমি টুকটুক থম দেই,ৰংমনে খঙতে ক’লে টুকটুক নাম দিলে মই নেখেলো বুমন দিও দে , নতুবা কাজলী । মৌকনে ক’লে মইহে তহঁতক দেখুৱাইছো গতিকে মই যি নাম দিও সেয়াই হ’ব জোনটি বুলি মাতিম আমি ইয়াক ।
গোটেই দুপৰীয়াটো এটা নামকলৈ কাজিয়া কৰোতেই শেষ হ’ল বৰষাই কান্দিয়ে পেলালে । ৰংমনে গোমোঠা মাৰি পথাৰতেই বহি পৰিল । গুনগুনে খং খাই তহঁতক নামতো যা বুলি গুচিয়ে আহিলে । তেনে সময়তে বৰলা ককা সেই বাটেৰেই গৈ আছিল তহঁতৰ কি হৈছে বুলি আগবাঢ়ি আহোতেই শহাপহুটো মৌকনৰ হাতৰ পৰা পলাই লৰ মাৰিলে , লগে লগে গোটেই কেইটাই পহুটোৰ পিছে পিছে দৌৰিলে ।
পিছে কি হ’ব পাবনে বিচাৰি শহাটো ? কলৈ গ’ল বাৰু মৌকনৰ জোনটি, পাৰিজাতৰ টুকটুক ? অহা দেওবাৰে শহাটোৰ সৈতে ইহতে খেলিব পাৰিবনে ? বৰলা ককাই বাৰু ইহঁতবোৰক লগ পাবনে ? ( পঢ়িবলৈ নাপাহৰিব অহা দেওবাৰে চেংকন )
শেষত
তোমালোকৰ মৰমৰ
মৌ মাহী