প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে ২০০৯ চনত জি টিভিৰ ধাৰাবাহিক পবিত্ৰ ৰিস্তাৰ জৰিয়তে সৰু পৰ্দাৰ জগতত আত্মপ্ৰকাশ কৰিছিল আৰু দৰ্শকৰ পৰা লাভ কৰিছিল বিপুল সমাদৰ। ইয়াৰ পিছত অভিনেতাজনে ২০১৩ চনত অভিষেক কাপুৰৰ ‘কাই পো চে’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
অৱশ্যে,অভিনেতাজনে নিজৰ কেৰিয়াৰত কেইবাখনো চলচ্চিত্ৰ হেৰুৱাইছিল । ২০১৬ চনতেই তেওঁ ১২ খনকৈ চিনেমাৰ পৰা সময়সূচী নিমিলা বাবে বা অন্যান্য ব্যক্তিগত কাৰণত বাদ পৰিছিল।সেইসমূহৰ উল্লেখযোগ্য তিনিখন হৈছে ক্ৰমে পদ্মাৱত, বাজিৰাও মস্তানি আৰু ৰাম-লীলা।
পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে মুম্বাই আৰক্ষীক কৈছিল যে তেওঁ সুশান্তক ৰাম-লীলা, বাজিৰাও মস্তানি আৰু পদ্মাৱতৰ অফাৰ আগবঢ়াইছিল । কিন্তু সুশান্তৰ সময়ৰ অভাৱৰ বাবে এখনো চলচ্চিত্ৰত তেওঁ অভিনয় কৰিব পৰা নাছিল ।
চাৰ্লছ ডিকেঞ্চৰ ‘ফিতুৰ’ৰ অফিচিয়েল ৰিমেকৰ বাবে সুশান্তক ‘কাই পো চে’ৰ পৰিচালক অভিষেক কাপুৰে যোগাযোগ কৰিছিল কিন্তু উচিত সহযোগিতা নোপোৱাত সেয়াও সম্ভৱ হৈ নুঠিল।
সুশান্তে ‘হাফ গাৰ্লফ্ৰেণ্ড’ নামৰ ৰোমাণ্টিক চলচ্চিত্ৰখনত অভিনয় কৰাৰ কথা আছিল যিখন চেতন ভগতৰ দ্বাৰা লিখা একে নামৰ কাহিনীৰ ওপৰত আধাৰিত। লেখকজনে তেতিয়া আনকি সুশান্তক এটা টুইটৰ দ্বাৰা অন-বোৰ্ডলৈ স্বাগতমো জনাইছিল।কিন্তু শেষত চলচ্চিত্ৰখনত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিপৰীতে অভিনেতা অৰ্জুন কাপুৰেহে অভিনয় কৰিছিল।
প্ৰযোজক বাণ্টি ৱালিয়া আৰু পৰিচালক ৰবি গ্ৰেৱালৰ একচন ছবি ‘ৰোমিঅ’ আকবৰ ৱাল্টাৰ’ত সুশান্ত সিং ৰাজপুতে অভিনয় কৰাৰ কথা আছিল কিন্তু সময়সূচী নিমিলা বাবে অভিনেতাজন ছবিখনৰ পৰা বাদ পৰিছিল।
ইমানবোৰ ভাল চিনেমা হেৰুৱাৰ পিছত সুশান্ত সিং ৰাজপুতে কৈছিল,’মই বহুতো চলচ্চিত্ৰ কৰি আছিলো আৰু সেই সকলোবোৰ এতিয়া মুক্তি পাইছে। আটাইতকৈ ডাঙৰ ষ্টুডিঅ’ৰ কাৰণে মই কথা দিয়া সৰু ষ্টুডিঅ’ৰ চিনেমা খনক এৰি দিবলৈ নিবিচাৰোঁ।’