বহু বিতৰ্কিত ছবি ‘দ্য কাশ্মীৰ ফাইলছে’ ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলিও অভিহিত কৰিব খুজিছে।
উল্লেখ্য যে, ৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে আৰু সেয়েহে পৰিচালকজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।
ইফালে, ছবিখনৰ প্ৰসংগত মুখ খুলিছে নানা পাটেকাৰে। অভিনেতাজনে কয় যে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। এওঁলোকৰ এজনৰ আনজনৰ প্ৰয়োজনীয়তা আছে। পৰস্পৰে পৰস্পৰৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন চলচ্চিত্ৰৰ বাবে বিভাজনৰ পৰিস্থিতি সৃষ্টি হোৱাতো উচিত নহয়। সকলোৱে যেন শান্তিত থাকে।
বলিউদৰ এজন প্ৰখ্যাত অভিনেতা আদিল হুছেইনে দ্যা কাশ্মীৰ ফাইলছ ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আদিল হুছেইনে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছিল, ‘সঁচা কথা ক’ব লাগে! ইয়াত কোনো সন্দেহ নাই। কিন্তু নম্ৰতাৰে প্ৰকাশ কৰা উচিত। অন্যথা, সত্য কোৱাৰ উদ্দেশ্যই ইয়াৰ সৌন্দৰ্য হেৰুৱায় আৰু ইয়াৰ প্ৰভাৱ বিৰূপ হৈ পৰে’।