নিউজ ডেস্কঃ ক্ৰিকেট জগত আৰু বলীউদ জগতখনৰ ‘বেষ্ট এডৰেৱল কাপল’বুলি ক’লে সকলোৰে মুখত বিৰুষ্কা অৰ্থাৎ বিৰাট আৰু অনুষ্কাৰ নাম।২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত হিন্দু ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল।
বিবাহ বাৰ্ষিকী উপলক্ষে অনুষ্কা আৰু বিৰাট কোহলী দুয়োগৰাকীয়ে নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে বিশেষ ফটো। উল্লেখযোগ্য যে,বলীউদ জগত খনৰ ‘ষ্ট্ৰং কাপল’ অনুষ্কা আৰু বিৰাট অতি সোনকালে পিতৃ-মাতৃ হ’ব।
ইয়াৰ বাবে দুয়োৱে গৰ্ভাৱতীৰ সময়ত কৰিবলগা বিশেষ যোগাসনৰ ফটো ভাইৰেল হোৱা দেখা পোৱা গৈছিল। তেওঁলোকৰ বিবাহ বাৰ্ষিকী আৰু আহিবলগীয়া সন্তানটিৰ বাবে বলীউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে চ’ছিয়েল মিডিয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছে।