বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি জন্মদিন। ১৯৮৬ চনৰ ২১ জানুৱাৰীত বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰিছিলে সুশান্তই। অভিনেতা সুশান্ত সিং ৰাজপুত কায়িকভাৱে এই পৃথিৱীত নাই যদিও প্ৰতিজন অনুৰাগীৰ হৃদয়ত এতিয়াও বিশেষ স্থান অধিকাৰ কৰি আছে। অভিনেতাজনৰ জন্মদিনত আজি দেশ-বিদেশৰ বহু অনুৰাগীয়ে তেওঁক স্মৰণ কৰিছে। সুশান্ত সিঙে তেওঁৰ জীৱন আৰু কেৰিয়াৰত বহুতো উত্থান-পতন দেখিছিল। টিভিৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ত মানৱ নামৰ চৰিত্ৰটোত অভিনয় কৰি ঘৰে-ঘৰে জনপ্ৰিয় হৈ পৰিছিল। সুশান্তই কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত বলীউডতো এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
২০১৩ চনত ‘কাই পো চে’ নামৰ চিনেমাখনৰ জৰিয়তে সুশান্তৰ বলীউডত প্ৰৱেশ ঘটে। প্ৰথমখন চিনেমাতেই সুশান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত তেওঁ কেইবাখনো হিট চিনেমা দৰ্শকক উপহাৰ দিয়ে। সুশান্তে যেতিয়া টিভি উদ্যোগক বিদায় দিছিল তেতিয়া তেওঁক এবাৰ এক সাক্ষাৎকাৰত সোধা হৈছিল ‘আপুনি ছিৰিয়েলৰ মানুহ..বলীউডত যদি কাম নাপায় তেন্তে কি কৰিব?’ তেতিয়া সুশান্তই কৈছিল যে ‘যদি মই বলীউডত একো কাম নাপাওঁ তেন্তে ফিল্মছিটীত এখন কেণ্টিন খুলিম। তাৰপাছত এটা কেমেৰা লৈ মই মোৰ কেণ্টিনখনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম আৰু তাত মই নিজে ওলাম। এতিয়া মই চিনেমাত কাম কৰি যিমান উৎসাহী, তেতিয়া সেই তথ্যচিত্ৰখন নিৰ্মাণ কৰিও মই সিমানেই উৎসাহী হ’লোহেঁতেন।” এয়াই আছিল সুশান্ত সিং ৰাজপুত। যি জীৱনটোক সহজ-সৰলভাৱে লৈ সহজকৈয়ে দিনবোৰ কটাইছিল। অভিনয়ৰ উপৰিও অমায়িক ব্যৱহাৰ, সৰল আচৰণ, সুন্দৰ চেহেৰা, সদাহাস্যমুখ, মানুহৰ প্ৰতি থকা মৰম, নিজৰ জ্ঞান-বুদ্ধিৰ বাবে সুশান্তই মানুহৰ হৃদয়ত বিশেষভাৱে স্থান ল’বলৈ সক্ষম হৈছিল। ২০২০ চনৰ ১৪ জুনত তেওঁ এই পৃথিৱীক চিৰবিদায় জনায়। তেওঁৰ মৃত্যু ৰহস্য হৈয়ে থাকিল, হত্যা নে আত্মহত্যা আছিল তাৰ কোনো সঠিক উত্তৰ পোৱা নগ’ল।